শিৱসাগৰ, 4 ফেব্ৰুৱাৰীঃআজি অন্ত পৰিল অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ ৷ এই সভাতেই বলীউডৰ কণ্ঠশিল্পী কেলাশ খেৰৰ হিন্দী গীত পৰিৱেশন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কোনে এই কাম কৰিছে মই জ্ঞাত নহয় ৷ এনে দিশবোৰ চাবৰ বাবে এখন সমিতি থাকে ৷ লগতে জাতীয় সংগঠন সমূহে এনে দিশত সচেতন হোৱা ভাল বুলি কয় ইমৰাণ শ্বাহে ৷
অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক, প্ৰতিক্ৰিয়া প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ - শুৱালকুছি অধিৱেশন
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে নাপালে শুৱালকুছি অধিৱেশনৰ নিমন্ত্ৰণ ৷ ডাক বিভাগৰো গাফিলতি হ’ব পাৰে বুলি মন্তব্য শ্বাহৰ ৷
আনহাতে অসম সাহিত্য সভাৰ অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰই আজিলৈকে লাভ নকৰিলে বুলি উল্লেখ কৰে প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে ৷ অৱশ্যে ডাক বিভাগৰ গাফিলতিৰ বাবেও হয়তো নিমন্ত্ৰণী পত্ৰ নাপাব পাৰো বুলি মন্তব্য কৰে শ্বাহে ৷ দুদিনমান পাছত হে হয়তো পাম বুলি ক'লে প্ৰাক্তন সভাপতিগৰাকীয়ে ৷
কিন্তু অসম সাহিত্য সভাৰ মঞ্চলৈ হিন্দী বলয়ৰ গায়কক ঠিক সময়তে নিমন্ত্ৰণ জনাই আনি হিন্দী গীতৰ অনুষ্ঠান পতা অসম সাহিত্য সভাৰ বিষয়ববীয়াই এগৰাকী প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক সঠিক সময়ত নিমন্ত্ৰণী পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিব নোৱাৰাটোৱেই চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু সাহিত্য চৰ্চাৰ পৰিৱৰ্তে মেলামূখী পৃষ্ঠপোষকতাৰ দ্বাৰাই আজি পৰ্যন্ত সভা পৰিচালিত হৈ আহিছে সেয়া স্পষ্ট হৈ পৰিছে ৷