অসম

assam

ETV Bharat / state

পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে দিল্লীলৈ যাব নোৱাৰিলে কথাশিল্পী ইমৰান শ্বাহ

ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নিজ হাতেৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিব নোৱাৰিলে কথাশিল্পী ইমৰান শ্বাহে ৷ দিল্লীত উপস্থিত হৈ বঁটা গ্ৰহণ কৰিব নোৱাৰিলে ইমৰান শ্বাহে ৷ মঙলবাৰে সাংবাদিকৰ আগত এই কথা সদৰী কৰে কথাশিল্পী গৰাকীয়ে ৷

By

Published : Nov 9, 2021, 7:28 PM IST

imran shah
স্বাস্থ্যজনিত কাৰণ পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে দিল্লীলৈ যাব নোৱাৰিলে ইমৰান শ্বাহ

শিৱসাগৰ, 9 নৱেম্বৰ : 'স্বাস্থ্যজনিত কাৰণত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নিজ হাতেৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিব নোৱাৰিলে কথাশিল্পী ইমৰান শ্বাহে ৷জীৱিত অৱস্থাত বঁটা প্ৰাপক সকলে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ এই বঁটা গ্ৰহণ কৰা বাধ্যতামূলক যদিও স্বাস্থ্যজনিত কাৰণত দিল্লীত উপস্থিত হৈ বঁটা গ্ৰহণ কৰিব নোৱাৰিলেইমৰান শ্বাহে ৷' মঙলবাৰে সাংবাদিকৰ আগত এই কথা সদৰী কৰে কথাশিল্পী ইমৰান শ্বাহে ৷

স্বাস্থ্যজনিত কাৰণ পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে দিল্লীলৈ যাব নোৱাৰিলে ইমৰান শ্বাহ

সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ'ল ২০২০ আৰু ২০২১ বৰ্ষৰ পদ্ম বঁটা ৷ ২০২০ বৰ্ষত ক'ভিড পৰিস্থিতিৰ বাবে এই বঁটা প্ৰদান কৰা হোৱা নাছিল ৷ কিন্তু এইবাৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে সোমবাৰে দুয়োটা বৰ্ষৰ বঁটা সমূহ প্ৰাপক সকলক প্ৰদান কৰে ।

উল্লেখ্য যে, অসমৰ পৰা চলিত বৰ্ষত ইমৰান শ্বাহৰ লগতে দুলাল মানকি, ৰমন শৰ্মা, বীৰুবালা ৰাভা, মংগল সিং হাজোৱাৰী, গোপীৰাম বৰগায়ন, বিজয়া চক্ৰৱৰ্তী, য়েছে দৰজে ঠংচি আৰু লখিমী বৰুৱাই পদ্মশ্ৰী সন্মান লাভ কৰিছে ৷ ইয়াৰ লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰদান কৰা হয় তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ ।

আনহাতে ২০২০ বৰ্ষৰ বাবে যোগেন্দ্ৰ নাথ ফুকন, ইন্দিৰা পিপি বৰা, লাল বাহাদুৰ চেত্ৰী, ডাঃ ৰবি কান্নান আৰু ড৹ কুশল কোঁৱৰ শৰ্মাই পদ্মশ্ৰী সন্মান লাভ কৰিছিল ।

লগতে পঢ়ক:ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details