শিৱসাগৰ,৫ এপ্ৰিল :এবছৰৰ অপেক্ষাৰ অন্তত আহি পালে ৰঙালী বিহু । সকলোতে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি (Rongali Bihu preparation in Assam)। কিন্তু মানুহৰ মনত পূৰ্বৰ দৰে নাই উছাহ । কাৰণ মূল্যবৃদ্ধি (Price hike ahead of Rongali Bihu)।
মূল্যবৃদ্ধিয়ে কঙালী কৰা ৰাইজে কেনেদৰে উলহ-মালহেৰে উদযাপন কৰিব ৰঙালী (Impact of price rise on Bihu market)। বিহুৰ বজাৰলৈ গৈ বহুতে খালী মোনাৰে উভটিছে ঘৰলৈ । প্ৰতিটো সামগ্ৰীৰে জুই চাই দাম । দোমোজাত সমাজৰ সৰ্বসাধাৰণ ৰাইজ ।
বিগত ১৩ দিনে একেৰাহে বাঢ়িয়ে আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'লে চেঞ্চুৰীত নটআউট হৈ থকাৰ মাজতে ডিজেলেও আৰু দুদিন পাছতে মাৰিব চেঞ্চুৰী । মিঠাতেলৰ আকৌ ডাবল চেঞ্চুৰী । বাকী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰো একেই মূল্যবৃদ্ধি ।