শিৱসাগৰ, ১২ ডিচেম্বৰ: অসমৰ ৰাজনীতিত নিজৰ বিচক্ষণতা, দূৰদর্শী চিন্তাধাৰা আৰু বুদ্ধিমত্তাৰে নিজৰ ৰাজনৈতিক জীৱনৰ পৰিচয় দাঙি ধৰি অসমৰ জনগণৰ মানসপটত নিজৰ কর্মদক্ষতাৰ ছবি খোদিত কৰিবলৈ সক্ষম হোৱা সদ্য প্রয়াত তৰুণ গগৈৰ মৃত্যুত ম্ৰীয়মান ৰাজ্যবাসী । ৰাজ্যবাসীৰ অগাধ শ্রদ্ধাৰ প্রতি লক্ষ্য ৰাখি জননেতাজনৰ পৱিত্ৰ চিতা ভষ্ম ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানলৈ নিয়া হৈছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যজুৰি যি সদ্ভাৱনা যাত্ৰা আয়োজন কৰিছে তাৰ পৰিপেক্ষিতত চিতা ভস্ম যোৱা ৯ ডিচেম্বৰত যোৰহাটৰ পৰা শিৱসাগৰলৈ অনা হয় । আজি পুৱা ৮ বজাৰ পৰা নগৰৰ মাজমজিয়াত প্রয়াত নেতাগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সর্বধর্মীয় উপাসনাৰে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হয় ।