আমগুৰি ,১৩ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বালিৰ লগতে শিলৰ অবৈধ খনন । বিভিন্ন প্ৰান্তত অবাধে চলিছে বালি আৰু পলসৰ উপৰি শিলৰ অবৈধ খনন কাৰ্য । ৰাজ্য়ৰ আন জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিহুবৰতো চলিছে ভূ-মাফিয়াৰ দপদপনি (Land mafia terror in Sivasagar)। ইয়াৰ মাজতেই সোমবাৰে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এনে খনন কৰি থাকোতেই এজন বুলড’জাৰ চালকৰ মৃত্যু হোৱাক লৈ জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
শিৱসাগৰ জিলাৰ বিহুবৰত অবৈধ শিল খননৰ ফলত এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জিলাখনৰ নাজিৰাৰ বিহুবৰত দীৰ্ঘদিনৰ পৰা চলি আহিছে অবৈধ খনন (Illegal mining in Nazira)। ইয়াৰ পিছতো উৰ্ধতম কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে আজি নাজিৰা বিহুবৰত সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা । কৰ্মৰত অৱস্থাতে এজন বুলড’জাৰৰ চালকে মৃত্যুক সাৱতি লয় । মৃত লোকজনৰ নাম ধৃৰাজ শইকীয়া (৩১) । মৃত লোকজনৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে । ৰহস্যজনকভাৱে আজি বুলড’জাৰ চালকৰ মৃত্যুৰ বাতৰিটোও এক প্ৰকাৰৰ গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যম উপস্থিত হোৱাত কিছু কথা স্পষ্ট হৈ পৰে ।