আমগুৰি/ মাজুলী, ১৭ জুলাই: শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা জব্দ । আমগুৰি আৰক্ষীয়ে জব্দ কৰিলে ৫৮ কাৰ্টন অবৈধ বিদেশী সুৰা । চামগুৰি তিনিআলিত বিশেষ অভিযানত জব্দ কৰিছে এই সুৰাখিনি । নামতিৰ বি এছ ৱাইন চ'পৰ পৰা হালোৱাটিং মিচিং গাঁৱৰ জনৈক ধৰ্ম মিলি নামৰ এজন ব্যক্তিক বিক্ৰী কৰিছিল এই সুৰাখিনি । সুৰাখিনিৰ মূল্য ২ লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । নামতি চাৰিআলিৰ মৃদুপৱন শইকীয়া নামৰ বি এছ ৱাইন চ'পৰ স্বত্ত্বাধিকাৰীজনে অবৈধভাৱে বিক্ৰী কৰিছিল বিদেশী সুৰাখিনি । আৰক্ষীয়ে সুৰাসহ AS-04-BC-7635 নম্বৰৰ এখন গাড়ী জব্দ কৰাৰ আৰু দুজনকৈ লোকক আটক কৰিছে ।
উল্লেখ্য যে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী আমগুৰি আৰু হালোৱাটিঙত অবৈধভাৱে বিদেশী সুৰাৰ সৰবৰাহ চলি আছে । যোৱা ১২ জুলাইত হালোৱাটিঙত ৪০০ বটল অসমত প্ৰস্তুত কৰা বিদেশী সুৰা জব্দ কৰিছিল আৰক্ষীয়ে । অসমত তৈয়াৰী এই বিদেশী সুৰা নাগালেণ্ডত একাংশ সুৰা মাফিয়াই দীৰ্ঘদিন ধৰি অবৈধভাৱে বিক্ৰী কৰি আহিছে । আমগুৰি, নামতি চাৰিআলি আৰু বামুণপুখুৰী চাৰিআলিৰ বিশেষ ৱাইন চ'পৰ পৰা নথিপত্ৰহীনভাৱে বিশেষ সুৰা মাফিয়া চক্ৰক বিক্ৰী কৰি আহিছে ৱাইন চ'পৰ স্বত্ত্বাধিকাৰীয়ে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।