আমগুৰি,১১নৱেম্বৰ:আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ ঐতিহাসিক কিৰাই আলি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ স্থানীয় লোকৰ ৷ প্ৰায় ডেৰ কোটি টকাৰে মেৰামতি কৰিবলগীয়া পথটোত নিম্ন মানদণ্ডৰ কাম কৰা,ধূলি বালিৰ ওপৰতে কাৰ্পেটিং কৰাৰ লগতে শিল কমকৈ ব্যৱহাৰ কৰা আৰু পাতলকৈ কাৰ্পেটিং কৰাৰো অভিযোগ উত্থাপন কৰে স্থানীয় লোকৰ লগতে দল সংগঠনে ৷
আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ - চূড়ান্ত হেমাহি
আমগুৰিৰ ঐতিহাসিক কিৰাই আলি নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ | ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ চূড়ান্ত হেমাহিৰ বাবে পথটো নিৰ্মাণত অনিয়ম সংঘটিত হৈছে | শীঘ্ৰে পথটো সঠিকভাৱে নিৰ্মাণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে স্থানীয় লোক তথা দল সংগঠনে ৷

আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
আমগুৰিৰ নামতিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
উল্লেখ্য যে,ঠিকাদাৰ আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ চূড়ান্ত হেমাহিৰ বাবে পথটো নিৰ্মাণত অনিয়ম সংঘটিত হৈছে ৷ এক বৃহৎ পৰিমাণৰ ধনেৰে মেৰামতি কৰিবলগীয়া পথটোত নিম্নমানৰ কাম দেখি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰে পথটো সঠিকভাৱে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে স্থানীয় লোক তথা দল সংগঠনে ৷
লগতে পঢ়ক:মৰাণত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ