আমগুৰি, ২১ জুন :শিৱসাগৰৰ আমগুৰিৰ হালোৱাটিঙত বহিঃৰাজ্যৰ গাহৰিৰ মুক্ত চিণ্ডিকেট অব্যাহত আছে (Illegal pig smuggling at Amguri) ৷ মঙলবাৰে হালোৱাটিং আৰক্ষীয়ে নাগালেণ্ডলৈ সৰবৰাহৰ সময়তে তিনিখনকৈ চোৰাং গাহৰিৰ ট্ৰাক হাতে লোটে ধৰিবলৈ সক্ষম হয় (Pig ladened truck seized)৷
জানিব পৰামতে কৰ্ণাটকৰ পৰা ৰে'লেৰে সৰবৰাহ হোৱা বহিঃৰাজ্যৰ গাহৰিসমূহ মৰিয়নিৰ পৰা 10/12 চকীয়া ট্ৰাকেৰে নাগালেণ্ডলৈ সৰবৰাহ হয় ৷ একাংশ অসাধু ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ বহিঃৰাজ্যৰ গাহৰিৰ অবৈধ সৰবৰাহ আৰু বিক্ৰীৰ জড়িয়তে চিণ্ডিকেট চক্ৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ কোটি কোটি টকা ৰাজহ ফাঁকিৰে অবাধে উত্তৰ প্ৰদেশ, কৰ্ণাটকৰপৰা সৰবৰাহ হৈ আহিছে এই অবৈধ গাহৰিৰ মুক্ত সৰবৰাহ ৷
ৰাজ্যখনৰ থলুৱা গাহৰিপালকৰ মূৰত মাধমাৰ সোধাই গাহৰিৰ চিণ্ডিকেট চক্ৰটোৱে অসমত ছোৱাইন ফ্লুৰ দৰে মাৰাত্মক বেমাৰৰ বীজাণু বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে জাতীয় দন সংগঠনে ৷ ইয়াৰ ফলত বিভিন্ন সময়ত অসমৰ হাজাৰ হাজাৰ গাহৰি মৃত্যুৰ মুখত পৰাৰ ফলত পালকসকল লোকচানৰ সন্মুখীন হৈছে ৷