শিৱসাগৰ, 31 মে': বিলাতী মদৰ চোৰাং বেহা অব্যাহত আছে উজনি অসমত । নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰি চোৰাং চক্ৰই এই বেহা অব্যাহত ৰাখিছে । দেওবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে ভটিয়াপাৰত জব্দ কৰা এখন বিলাতী মদ পৰিবাহী ট্ৰাক জব্দ কৰাৰ পাছতে এনে চোৰাং বেহাৰ তথ্য পোহৰলৈ আহিছে ।
উল্লেখ্য যে, দেওবাৰে নিশা জয়সাগৰ আৰক্ষীয়ে মেঘালয়ৰ পৰা অহা বিলাতী মদ পৰিবাহী আৰ.জে.৪৯ জি.এ.-২৬৭৮ নম্বৰৰ এখন দহ চকীয়া ট্ৰাক সন্দেহৱশতঃ জব্দ কৰে । অৰুণাচলৰ লিকাবালিলৈ ১০০০ কাৰ্টুন বিলাতী সুৰা পৰিবহণ কৰা উক্ত ট্ৰাকখনৰ পৰিবহন সূচী নগাঁও, তেজপুৰ,বিশ্বনাথ, লক্ষীমপুৰ হৈ অৰুণাচললৈ আছিল যদিও অতি কৌশলপূৰ্ণ ভাৱে উক্ত মদ পৰিবাহী ট্ৰাকখনে নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ হৈ অৰুণাচল অভিমুখে যাত্ৰা কৰিছিল ।
জয়সাগৰ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ তালাচী কৰাত ইতিমধ্যে মুঠ ১০০০ কাৰ্টুনৰ ভিতৰত ১০ কাৰ্টুন নম্বৰ ১ বিলাতী সুৰা ট্ৰাক চালক প্ৰেম কুমাৰে অজ্ঞাত স্থানত নমাই থৈ আহে । সুৰা পৰিবহনৰ বৈধ পত্ৰ থকা ট্ৰাকখনে কিয় অনুমোদিত পথৰে নগৈ উজনি অসমৰ পথ গ্ৰহণ কৰে সেয়া অন্তৰ্ধান হোৱা মদৰ কাৰ্টুনৰ পৰা স্পষ্ট হৈ পৰিছে ।
সুৰা পৰিবাহী ট্ৰাকখনৰ ডিজিটেল লকৰ স্মাৰ্ট কাৰ্ড কিদৰে চালক প্ৰেম কুমাৰৰ হাতত আহিল সেয়াও অতি ৰহস্যজনক । শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰা এইখন ট্ৰাকৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এতিয়া বিলাতী সুৰাৰ চোৰাং চক্ৰই বৈধ উপায়েৰে অবৈধ বেহা অব্যাহত ৰাখিছে । ইতিমধ্যে জয়সাগৰ আৰক্ষীয়ে এক নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:শক্তিমন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ নামৰূপ আছুৰ