অসম

assam

ETV Bharat / state

দিচাং নদীত বিহ ঢালি মাছ নিধন দুষ্কৃতিকাৰীৰ - দিচাং

চৰাইদেউ জিলাৰ দিচাং নদীত বিহ ঢালি মাছ নিধন একাংশ অসাধু লোকৰ। ইতিমধ্যে সাপেখাতি আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে যদিও কোনো লোককে এতিয়ালৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । অতি শীঘ্ৰে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে ।

ETV BHARAT
দিচাং নদীত বিহ ঢালি মাছ নিধন দুষ্কৃতিকাৰীৰ

By

Published : Apr 26, 2020, 5:44 PM IST

চৰাইদেউ, 26 এপ্ৰিলঃ শিৱসাগৰ জিলাৰ চৰাইদেউৰ দিচাং নদীত দুষ্কৃতিকাৰীয়ে বিষ ঢালি মাছ নিধন কৰাৰ অভিযোগ ৷ উক্ত ঘটনাত সৰৱ হৈ পৰিছে বিভিন্ন দল সংগঠন লগতে সচেতন লোক ৷

দিচাং নদীত বিহ ঢালি মাছ নিধন দুষ্কৃতিকাৰীৰ

যিসময়ত সমগ্ৰ দেশতে লক ডাউন অব্যাহত আছে সেই সময়ত একাংশ অসাধু লোকৰ উপদ্ৰৱ বৃদ্ধি পাইছে । শেহতীয়াকৈ লক ডাউনৰ গইনা লৈ একাংশ দুষ্ট স্বভাৱৰ লোকে নদীত বিষ ঢালি মাছ নিধন কৰা কাৰ্যই চকু কপালত উঠিছে একাংশ সচেতন লোকৰ । চৰাইদেউ জিলাৰ দিচাং নদীত অচিনাক্ত কোনো লোকে বিষ ঢলাৰ ফলত নিধন হৈছে কণী থকা মাছ । কেইটামান টকাৰ বাবেই দিচাং নদীত বিষ ঢালি কণীযুক্ত মাছ নিধন কৰি বিক্ৰী কৰি অহাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ। উল্লেখ্য যে,অসম মীন অধিনিয়ম ১৯৫৩ৰ আইন অনুসৰি এই সময়ছোৱাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হয় । যিহেতু এই সময়ত মাছৰ প্ৰজননৰ সময়,সেইবাবে প্ৰজনন,বংশ বৃদ্ধি তথা বিকাশৰ বাবে ৰাজহুৱা নৈ-বিলত মাছ মৰাত প্ৰতি বছৰে চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে ৷ কিন্তু তাৰ প্ৰতি গুৰুত্ব নিদি একাংশ অসাধু লোকে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিতহে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । ইয়াৰ বিপৰীতে কিন্তু দিচাং নদীত বিষ ঢালি কণীযুক্ত মাছ নিধন কৰাৰ লগতে বিক্ৰী কৰি আহিছে একাংশ দুষ্ট চক্ৰই । এই সন্দৰ্ভত ইতিমধ্যে সাপেখাতি আৰক্ষীয়ে দুষ্কৃতিকৰীৰ বিৰুদ্ধে অভিযান চলাইছে যদিও কোনো লোককে এতিয়ালৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে,দুষ্ট চক্ৰৰ এনে কাৰ্যত ক্ষুন্ন হৈ পৰিছে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে মাছ নিধন কাৰ্যত জড়িত লোকৰ বিৰুদ্ধে চৰাইদেউ জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক- হাইলাকান্দিত খাদ্য সুৰক্ষাৰ চাউলৰ নামত কেলেংকাৰী

ABOUT THE AUTHOR

...view details