আমগুৰি, ২৭ জানুৱাৰী :ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধভাৱে মাটি খনন । অবৈধভাৱে কৰা মাটি খননে পাৰিপাৰ্শ্বিকতালৈ কঢ়িয়াই আনিছে ভয়াৱহ সংকেত (Illegal soil mining poses danger) । ৰাজ্যৰ ভিন্ন প্ৰান্তত দ্ৰুত গতিত অবৈধভাৱে মাটিৰ খনন কাৰ্য অব্যাহত থকাৰ পাছতো ৰাজ্যৰ বিয়াগোম বন বিভাগে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই এই কাৰ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ খননৰ মাজতে এইবাৰ পোহৰলৈ আহিছে শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙত ভূ-মাফিয়াই অবাধ হাৰত চলাই যোৱা মাটি খনন কাৰ্যৰ বিষয়ে ।
আমগুৰি হালোৱাটিং বন বিভাগৰ অন্তৰ্গত বৰবামত জাঁজী নদীৰ মথাউৰি খান্দি ভূ-মাফিয়াই লুণ্ঠন চলাই আহিছে বনাঞ্চলৰ ওপৰত (Amguri Haluating Forest Department)। ভূ-মাফিয়াই বৰবাম চেলেং দলঙৰ সমীপত জাঁজী নদীৰ মথাউৰি খান্দি লুণ্ঠন চলোৱাক লৈ সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । মথাউৰিৰ মাটি ভূ-মাফিয়াই স্থানীয় একাংশ ইটা ভাটাত যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । হালোৱাটিং বন বিভাগ থকাৰ পিছতো ভূ-মাফিয়াই অবাধে মাটি খনন কৰাত জাঙুৰ খাই উঠিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (Illegal excavation continues at Sivasagar) ।
অঞ্চলটোত একাধিক ভূ-মাফিয়াই অবাধে মাটি খনন চলাই জাঁজী নদীৰ লগতে অঞ্চলটোৰ কৃষিভূমিলৈ ভয়াৱহতা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে সংগঠন দুটাৰ নেতৃত্বই । যোৱা প্ৰায় দুটা মাহ ধৰি বৰবাম অঞ্চলটোত ভূ-মাফিয়াই ব্যাপক হাৰত অবাধে মাটি খনন কাৰ্য চলোৱাত আগন্তক বিপদৰ আশংকা কৰি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । ভূ-মাফিয়াই অঞ্চলটোৰ কৃষিভূমি নষ্ট কৰি পেলোৱাৰ লগতে চৰকাৰী চিলিং মাটি খান্দি পেলাইছে বুলি অভিযোগ তুলিছে সংগঠন দুটাই ।