আমগুৰি, 11 অক্টোবৰ : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখৰ ৰাইজে দেওবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অঞ্চলটোৰ সমস্যা সমূহ বিগত বছৰে সমাধান নকৰাৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
উল্লেখ্য যে, 1950 চনৰ ভূমিকম্পৰ পিচৰ পৰাই বান আৰু খহনীয়াৰ লগত যুঁজ দি অহা আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীমুখ গাঁওখনএই বৰ্ষত 7 টাকৈ বানে তচনচ কৰিছে । মহাবাহুৱে সৃষ্টি কৰা নতুন সূঁতিত বিলীন হ'ল 7 টাকৈ পৰিয়ালৰ মাটি-ভেঁটি । নদীত বালিত পোত গ'ল শ শ বিঘা গেৰ ধৰা কৃষিভূমি ।
একমাত্ৰ যাতায়তৰ পথ এতিয়া নদীৰ সুঁতি । অতি বিপদ সংকুল ভাৱে পাৰ হ’ব লাগে নদীৰ সূঁতি ৷ ৰাইজৰ অভিযোগ, ৰাইজৰ কাষত বৰ্তমানলৈও জিলা প্ৰশাসন তথা জনপ্ৰতিনিধি উপস্থিত হোৱা নাই ৷ যাৰবাবে প্ৰতিবাদী সভা পাতি ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে ।
স্থানীয় গাঁওবুঢ়াৰ মন্তব্য প্ৰতিবাদী ৰাইজে তেওঁলোকৰ সমস্যা সামধান নকৰিলে প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু প্ৰয়োজনত ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।
লগতে পঢ়ক :শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"