অসম

assam

ETV Bharat / state

হাইড্ৰোপনিক পদ্ধতিৰে বিলাহী খেতি কৰি স্বাৱলম্বী নাজিৰাৰ যুৱক - nazira hydroponic farming

ঘৰৰ চাদ খনক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে যুৱকজনে ৷ যুৱক জনৰ নাম পংকজ শইকীয়া ৷ ঘৰ শিৱসাগৰ জিলাৰ মাউৎগাঁৱত ৷ ইলেক্ট্ৰনিকচ এণ্ড টেলি কমিউনিকেশ্যনছৰ শিক্ষাৰে শিক্ষিত যুৱকজনে নিজ ঘৰৰ চাদৰ ওপৰত মাটি নোহোৱাকৈ কৰিছে বিভিন্ন প্ৰজাতিৰ বিলাহীৰ খেতি ৷

নাজিৰা
হাইড্ৰোপনিক পদ্ধতিৰে বিলাহী খেতি কৰি স্বাবলম্বী নাজিৰাৰ যুৱক

By

Published : Feb 29, 2020, 4:14 PM IST

Updated : Feb 29, 2020, 6:15 PM IST

নাজিৰা,২৯ ফেব্ৰুৱাৰীঃভূমি অবিহনে কৃষিকৰ্মৰ কৰি স্বাৱলম্বী হৈছে নাজিৰাৰ এজন যুৱক ৷ ঘৰৰ চাদখনক কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে যুৱকজনে ৷ যুৱক জনৰ নাম পংকজ শইকীয়া ৷ ঘৰ শিৱসাগৰ জিলাৰ মাউৎগাঁৱত ৷ ইলেক্ট্ৰনিকচ এণ্ড টেলি কমিউনিকেশ্যনছৰ শিক্ষিত যুৱকজনে নিজ ঘৰৰ চাদৰ ওপৰত মাটি নোহোৱাকৈ কৰিছে বিভিন্ন প্ৰজাতিৰ বিলাহীৰ খেতি ৷ যোৱা দুটা বছৰে পৰীক্ষামুলকভাৱে বিলাহীৰ খেতি কৰিছিল যুৱকজনে ৷ এইবছৰ যুৱকজনে ঘৰৰ চাদৰ ওপৰত খালী থকা সকলো ঠাইতে কৰিছে বহু কেইবিধ বিলাহীৰ খেতি ৷ ইউটিউব আৰু ইন্টাৰনেটত সমল বিচাৰি চইল লেচ ফাৰ্মিং আৰু হাইড্ৰোপনিক পদ্ধতিৰে কৃষিকৰ্মৰ জ্ঞান অৰ্জন কৰিছে যুৱকজনে ৷

হাইড্ৰোপনিক পদ্ধতিৰে বিলাহী খেতি কৰি স্বাবলম্বী নাজিৰাৰ যুৱক

মাটি অবিহনে কোনো ৰাসয়নিক ঔষধ ব্যৱহাৰ নকৰাকৈ নাৰিকলৰ বাকলিৰ গুৰিত হাইড্ৰোপনিক পদ্ধতিৰে কৰিছে এই বিলাহীৰ খেতি ৷ বাকী বিলাহীৰ তুলনাত এইবোৰ বিলাহী বিক্ৰী হয় অধিক দামত ৷ বায় গ্ৰনামেৰে এটি সুন্দৰ পেকেটত উপলব্ধ হৈছে হাইড্ৰোপনিক বিলাহী ৷ বৰ্তমান নাজিৰাৰ বজাৰত প্ৰতিকেজিত ১২০ টকাকৈ বিক্ৰী কৰিছে এই কেইবিধ বিলাহী ৷ যি সময়ত চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই হাহাকাৰ কৰি ফুৰিছে তেনে সময়তে যুৱকজনে আৰম্ভ কৰা এই চইল লেচ ফাৰ্মিং পদ্ধতি ব্যৱহাৰ কৰি বহু যুৱক স্বাৱলম্বী হ'ব পাৰিব ৷ এই পদ্ধতি ব্যৱহাৰ কৰিলে বছৰৰ বাৰমাহে বিলাহী খেতিৰে স্বাৱলম্বী হ'ব পাৰিব নিবনুৱাসকল ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে দেশৰ কৃষকৰ বাবে ঘোষণা কৰা বিভিন্ন আচঁনিৰ লগতে নিৱনুৱা যুৱক-যুৱতী সকলক যদি এনেবোৰ কৃষি পদ্ধতি প্ৰশিক্ষণ দিয়ে তেনেহলে ভূমিহীন বহু কৃষকে সকলে এই পদ্ধতিৰে সফল হ'ব পাৰিব বুলি আশাবাদী পংকজ শইকীয়া ৷

আৰু পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত শুভাৰম্ভণি দ্বিতীয় ‘জোনাকী’ৰ

Last Updated : Feb 29, 2020, 6:15 PM IST

ABOUT THE AUTHOR

...view details