শিৱসাগৰ,১৯ জুন:দিচাং নদীৰ গৰাখহনীয়াই ভয়ানকৰূপ ধাৰণ কৰিছে শিৱসাগৰত(Erosion in Disang river) । নৈত জাহ যোৱা উপক্ৰম ঘটিছে এখন চৰকাৰী বিদ্যালয় । শিৱসাগৰ নগৰৰ কিছু নিলগত শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ দুই নং চাউলকৰাত দিচাং নদীৰ গৰাখহনীয়াই ভয়ানকৰূপ ধাৰণ কৰিছে । দিচাঙৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ১৯৭৯ চনতে স্থাপিত হোৱা দিচাং চাউলকৰা প্ৰাথমিক বিদ্যালয়(Government school on the verge of erosion) ।
নদীৰ খহনীয়াত ইতিমধ্যে বিদ্যালয়খনৰ পিছফালৰ ভূমি ক্ৰমান্বয়ে খহি অহা পৰিলক্ষিত হৈছে । কিন্তু জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী পদক্ষেপ নোলোৱাত এইবাৰ সম্পূৰ্ণ বিদ্যালয়খন নদীৰ বুকুত নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে । বিদ্যালয়খনৰ মূল খুঁটা আৰু পকী বেৰা নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ এক-ডেৰ ফুটহে বাকী থকাত শংকিত হৈ পৰিছে ৬৩ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী, বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজ ।