আমগুৰি, ২ ফেব্ৰুৱাৰী :আহোমৰ শাসনকালৰ অলেখ স্মৃতি বিজড়িত মৈদাম-পুখুৰী আজি অস্তিত্বৰ সংকটত (great Ahom kingdom of Assam) । ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰ জিলাত এনে বহু সমল আছে, যিবিলাক উদ্ধাৰ কৰিবলৈ ৰাজ্য অথবা কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ সক্ষম হোৱা নাই (historical monuments of Ahom kingdom) । আহোম ৰাজত্বৰ বহু সম্পদ পুৰাতত্ত্ব বিভাগৰ অলক্ষিতে একাংশ সমাজ সচেতন লোকে সংৰক্ষণ কৰি ৰাখিছে যদিও সঠিক তথ্য অথবা ইতিহাসৰ প্ৰকৃত তথ্য বিচাৰি নোপোৱাৰ বাবে অৱহেলিত অৱস্থাত পৰি ৰৈছে (Ahom Moidam pond in existence problem) ।
শিৱসাগৰ জিলাৰ ৰংপুৰৰ পৰা আনুমানিক ২০ কিঃমিঃ দূৰত্বত অৱস্থিত ঐতিহাসিক চাৰিং অঞ্চল । বুৰঞ্জীৰ অনেক সমল, ইতিহাসৰ জ্ঞানেৰে সমৃদ্ধ চাৰিং আজিও জিলিকি আছে সগৌৰৱে । মণিৰাম দেৱান, সুখলতা-সুধলতা দুৱৰা, বেণুধৰ শৰ্মাকে ধৰি চাৰিঙ্গীয়া পুখুৰী, দেওধাই গাঁও, ম'ৰাবজাৰ, দেওৰজাৰ দেওলগা কাহিনী, লাওখাই পুখুৰী, দেওধাই পুখুৰী, ৰঘুতলৰ চিৰিং ফুকনৰ মৈদাম, চুহুং মৈদাম, পাঙৰাও বীৰৰ মৈদামকে ধৰি অলেখ স্মৃতি বিজড়িত বুৰঞ্জীৰ মেটমৰা ভঁৰাল তথা জ্ঞানৰ মুকুটা আজিও উজলি আছে (historical moidam neglected in Amguri Sivasagar) । শিৱসাগৰ জিলাখনতে বহু ঐতিহাসিক সম্পদ লুপ্তপ্ৰায় অৱস্থাত আছে, যিবিলাকৰ তথ্য খুঁচৰিলে বুৰঞ্জীৰ পাতত প্ৰকৃত তথ্য পাব পৰা নাযায় যদিও লোককথা আৰু লোক-প্ৰবাদ প্ৰচলিত হৈ আহিছে ।
ঐতিহাসিক চাৰিং অঞ্চলৰে দেওধাই গাঁৱৰ কাষতে লাগি আছে জেহেনীয়া, পুলিবৰ, ৰঘুতল অঞ্চল । আজিৰেপৰা ১৫/২০ বছৰ আগতে হাবি-জংঘলেৰে আৱৰি থকা অঞ্চলটোত জনবসতি সেৰেঙা আছিল । অঞ্চলটোত ৰঘুগছে আৱৰি আছিল কাৰণে বহুতে নাম দিলে ৰঘুতল । ক্ৰমান্বয়ে অঞ্চলটোত এঘৰ-দুঘৰ কৰি বহু পৰিয়ালে স্থায়ীকৈ বসতি কৰিবলৈ ধৰিলে । ঐতিহাসিক চেউনি আলিৰ কাষতে অৱস্থিত এই গাঁওকেইখনত এতিয়া জনসংখ্যা বৃদ্ধি পালে । ঐতিহাসিক চেউনি আলিৰ কাষতেই ৰঘুতলত পূৰ্বতে আছিল ২৭ টাকৈ মৈদাম । বুৰঞ্জীৰ প্ৰকৃত তথ্যৰে ঢুকি নোপোৱা বিশেষকৈ বুৰঞ্জীৰ প্ৰতি অসচেতনতাৰ বাবে এই মৈদামস্থলী একাংশ লোকে বেদখল কৰি খান্দিবলৈ ধৰিলে ।
আহোমৰ পূৰ্বপুৰুষক প্ৰকৃত সন্মান দিব নজনা এইসকল লোকে নিজৰ বীৰত্বক ভেঙুচালি কৰি চাৰিওদিশে বেদখল কৰিলে । ক্ৰমান্বয়ে মৈদামবিলাক মাটিৰ লগত মিলি গ'ল । আশীৰ দশকতে এই স্থানতে চৰকাৰে এটি পশু চিকিৎসা গৃহ বহুৱাই দিলে । ফলত মৈদামস্থলীবিলাক কাটি সমান কৰি চৰকাৰী গৃহ বহুৱাই দিলে । ইতিহাস খুঁচৰিলে দেখা যায় যে এই ২৭ টা মৈদাম আছিল চিৰিং ফুকন পৰিয়ালৰ । আহোম ৰাজ্যৰ এজন বিষয়া আছিল চিৰিং ফুকন বা ফু-কন চি-ৰিং । আহোমৰ দেওধাইসকলৰ গৰাকী বিশেষকৈ পূজা-সেৱাৰ কাৰ্য কৰোঁতা খেলৰ বিষয়া আছিল চিৰিং ফুকন । আহোম স্বৰ্গদেৱ চুবিনফাই সম্ভ্ৰান্ত আহোমসকলক সাতটা খেল বা ঘৰত (সাতঘৰীয়া আহোম) ভাগ কৰিছিল আৰু চিৰিং ফুকনসকলক চিৰিং খেলত অন্তৰ্ভুক্ত কৰিছিল । আহোম ধৰ্ম অনুযায়ী ৰজাঘৰীয়া সকলোবোৰ আচাৰ-অনুষ্ঠান তথা পূজা-পাতল চিৰিং ফুকনৰ পৰিয়ালে পৰিচালনা কৰিছিল ।
ড° লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যত বুৰঞ্জী প্ৰণয়নৰ এক সুকীয়া বিভাগ আছিল আৰু চিৰিং ফুকন আৰু বৰচিৰিং বৰুৱা উভয়ে মিলি এই কাৰ্যৰ তদাৰক কৰিছিল । আহোম ৰাজত্বকালত ৰচিত বৰ-অম্ৰৰ মতে চিৰিং ফুকন হৈছে ৰজাঘৰীয়া সকলো নথি আৰু বুৰঞ্জীৰ প্ৰণয়ন আৰু সংৰক্ষণৰ দায়িত্বত থকা মুখ্য বিষয়া । টাই পণ্ডিত পদ্ম দেওধাই ফুকনৰ মতেও ৰঘুতলত মুঠ ২৭ টা মৈদাম আছিল আৰু মৈদামবিলাক চাৰিঙ্গীয়া ফুকন, চিৰিং ফুকনৰ মৈদাম । সাঁচিপাতত লিপিবদ্ধ তথ্য অনুসৰি, শৰাইঘাট যুদ্ধত হেৰাই যোৱা যুঁজাৰু ৰণুৱাসকলৰ মৈদাম দিয়া হৈছিল । পূৰ্বতে ৩০ বিঘাৰো অধিক মাটিকালি আছিল । আহোম ৰাজত্বৰ বুৰঞ্জীসমূহ লিখাৰ দায়িত্বভাৰ চিৰিং ফুকনৰ ওপৰত ন্যস্ত আছিল ।
সেই সময়ৰ আহোম ভাষা শিক্ষাৰ ব্যৱস্থাৰ চোৱা-চিতা কৰাটোও বৰচিৰিং বৰুৱাৰ সৈতে চিৰিং ফুকনৰ দায়িত্বত আছিল । কোনো লোকে ৰজাঘৰীয়া বিষয়বাব লাভ কৰিবলৈ হ'লে বুৰঞ্জী বিষয়ক মহলা এটা চিৰিং ফুকনৰ আগত দিব লাগিছিল । প্ৰায়োগিক ক্ষেত্ৰত চিৰিং ফুকনে আহোম ভাষাত বুৰঞ্জীসমূহ লিখিছিল । ৰজাসকলৰ দেহাৱসান ঘটিলে মৈদাম দিয়াৰ পিছত আহোম নিয়ম অনুযায়ী মৃতকৰ ক্ৰিয়া-কৰ্ম বাইলুং পণ্ডিতৰ লগতে চিৰিঙৰ ঘৰৰ লোকে সম্পাদন কৰিছিল । ঐতিহাসিক চাৰিং দেওধাই গাঁও বুৰঞ্জীৰ বহু গ্ৰন্থ বিশেষকৈ সাঁচিপাত, তুলাপাত, কাঠি-বানচেং, ফুল-বানচেং ইত্যাদিলৈ লক্ষ্য ৰাখি চিৰিং ফুকনৰ লোকসকলক এই দেওধাই গাঁৱতে সংস্থাপিত কৰিছিল বুলি ক'ব পাৰি ।