আমগুৰি, 22 জুলাই :ইতিহাসৰ পাঠতেই এতিয়া সীমাবদ্ধ হোৱাৰ দিশে আহোম ৰাজত্বৰ কিছু পুৰণি সমল ৷ বিশেষকৈ সংৰক্ষণৰ অভাৱত নিঃশেষ হোৱাৰ দিশে শিৱসাগৰৰ ঐতিহাসিক মৈদাম সমূহ ৷ আহোম ৰাজত্বৰ সমল সমূহ ৰাজ্য চৰকাৰ বা পুৰাতত্ব বিভাগে সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ সচেতন মহলে ৷
ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণালী স্বাক্ষৰ বহন কৰা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত বহু ঐতিহাসিক সমল সিঁচৰতি হৈ আছে । আহোম যুগৰ কীৰ্তি চিহ্নৰ ক্ষেত্ৰত শিৱসাগৰ জিলা চহকী । কিন্তু উপযুক্ত সংৰক্ষণ আৰু পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ ফলত একাংশ সম্পদ আজিও লোকচক্ষুৰ আঁতৰত থাকিয়েই নিঃশেষ হ'বলৈ আৰম্ভ কৰিছে ।
শিৱসাগৰ জিলাত এনে কিছু মৈদাম আৰু পুখুৰী আছে, যিবিলাকৰ প্ৰকৃত বুৰঞ্জী তথা শুদ্ধ তথ্য আজিও উদ্ধাৰ হোৱা নাই । জিলাখনৰ অতীতৰ মাছখোৱা গড়ৰ পশ্চিম দিশত জাঁজী-জামুগুৰিৰ পৰা প্ৰায় পাঁচ কি:মি: আঁতৰত জকাইচুক পথাৰৰ মাজত থকা বহুকেইটা মৈদাম আজিও সগৌৰৱেৰে জিলিকি আছে । এই মৈদাম কেইটা হৈছে - নৰাকোঁৱৰ মৈদাম, হেলি-মেলি ডেকা বৰফুকন মৈদাম, জাপৰি মৈদাম, বামুণী মৈদাম, শিলিখা মৈদাম, ঢিপ-ঢাপ মৈদাম ।
জকাইচুক পথাৰৰ মাজত নৰাকোঁৱৰ বাইলুং গাঁৱত অৱস্থিত এই মৈদামকেইটা প্ৰকৃততে কোন বিষয়াৰ মৈদাম আছিল, তাৰ কোনো সুস্পষ্ট তথ্য পোৱা নাযায় ৷ উল্লেখ্য যে, আহোম যুগৰ মৈদাম বিলাক সাধাৰণতে আঠকোণীয়া হয় । সেইফালৰ পৰা নিশ্চিত যে, মৈদাম কেইটা আহোম যুগৰ । মৈদাম কেইটাৰ সন্দৰ্ভত বুৰঞ্জী নিমাত যদিও মৌখিকভাৱে কিছু কিংবদন্তি প্ৰচলিত হৈ আহিছে ।
জিলাখনৰ উত্তৰ দক্ষিণত বসবাস কৰা নৰাসকল হ'ল 'টাই' জাতিৰ এটা ফৈদ । ঘটনাক্ৰমত পৰি অতীতৰ এজন চাৰিং ৰজাই নৰা জাতিৰ এগৰাকী কন্যা বিয়া কৰায় । নৰা কন্যাগৰাকী গৰ্ভৱতী অৱস্থাত এদিন এজন নগা যুৱক জিলালৈ ফুৰিবলৈ আহে । নগা যুৱকজন দেখিবলৈ সুন্দৰ চেহেৰাৰ আছিল ।