অসম

assam

ETV Bharat / state

ঐতিহাসিক ধোদৰ আলিক চৰকাৰীভাৱে নিৰ্মাণৰ দাবী - Historical Dhodar Ali in poor condition

আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ১৬৮১-১৬৯৫ চনৰ সময়ছোৱাত ঐতিহাসিক ধোদৰ আলিটো নিৰ্মাণ কৰা হৈছিল । ৰজাঘৰীয়া দায়িত্বৰপৰা হাত সৰাৰ বাবে ধোদৰ ভাও ধৰা গোঁসাই আৰু ভকতক ধৰি আনি এই পথটো সজোৱা হৈছিল । সেয়ে এই পথটোৰ নাম ধোদৰ আলি(Historical road Dhodar Ali ) দিয়া হয় ৷ কিন্তু সম্প্ৰতি চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে বিধ্বস্ত ৰূপ লৈছে এই পথটোৱে ৷

historical-dhodar-ali-in-deplorable-condition
ঐতিহাসিক ধোদৰ আলিক চৰকাৰীভাৱে নিৰ্মাণৰ দাবী

By

Published : Feb 4, 2022, 2:06 PM IST

আমগুৰি, ৪ ফেব্ৰুৱাৰী :ৰাজ্য চৰকাৰে পথ উন্নয়নৰ কাৰণে কোটি কোটি টকা খৰচ কৰা সময়তে শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত বিধ্বস্ত হৈ উঠিছে ঐতিহাসিক ধোদৰ আলি(Historical road Dhodar Ali) । আহোম ৰাজত্বৰ শাসনকালতে ধোদৰে নিৰ্মাণ কৰা ঐতিহাসিক ধোদৰ আলিত এতিয়া বৃহৎ বৃহৎ পুখুৰীসদৃশ দ গাঁত(Historical Dhodar Ali in poor condition) । নামতি পুলৰ পৰা নামতি চাৰিআলি সংযোগী পথছোৱাৰ বিভিন্ন অংশত দ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

নামতিৰ স্থানীয় লোক

শিৱসাগৰ জিলা লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ কাৰণে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও নামতি চাৰিআলিৰ বিধ্বস্ত অংশ আজিও বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই । ব্যৱসায়িক কেন্দ্ৰ নামতি চাৰিআলিৰ সোঁমাজতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকে জীয়াতু ভূগিবলগীয়া হৈছে । পথটোৰ বিধ্বস্ত অৱস্থাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ।

শিৱসাগৰ জিলা লোকনিৰ্মাণ বিভাগৰ হেমাহিৰ কাৰণে পথছোৱা মেৰামতি নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে ৷ তেওঁলোকে লগতে শীঘ্ৰে ঐতিহাসিক ধোদৰ আলিক চৰকাৰীভাৱে নিৰ্মাণৰ কৰাৰ বাবে চৰকাৰ তথা লোকনিৰ্মাণ বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক :Lot Mandal in land scam: কলগাছিয়াত লাট-মণ্ডলৰ বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ

ABOUT THE AUTHOR

...view details