শিৱসাগৰ, 19 জুনঃস্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই কলঞ্চুপৰীয়া গোঁহাই গাঁৱৰ ১৯৪ পুৰা ২ বিঘা (৫২ হেক্টৰ) মাটিত এক পুখুৰী খন্দাই, তাৰ পাৰত নিৰ্মাণ কৰিছিল তিনিটা দ'ল ৷ ভাৰতৰ ভিতৰতে সৰ্বোচ্চ সোণৰ কলচী লগোৱা শিৱ দ'লৰ লগতে চৰ্তুভূজা দেৱী দ'ল আৰু কাৰুকাৰ্য খচিত বিষ্ণু দ'ল নিৰ্মাণ কৰা হৈছিল ৷ ১৭৩৪ খ্ৰীষ্টাব্দত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা এই সম্পদ সমূহ প্ৰায় চাৰি বছৰৰ পাচত সম্পূৰ্ণ হৈছিল ৷ তেতিয়াৰ পৰা প্ৰায় ৩০০ বছৰ সম্পূৰ্ণ কৰা এই ঐতিহাসিক সমলসমূহ দেশৰ আপুৰুগীয়া সম্পদ হিচাপে পৰিগণিত হৈ আহিছে ৷ তিনি দ'লৰ লগতে শিৱসাগৰ পুখুৰীও বৰ্তমান দেশী-বিদেশী পৰ্যটকৰ পৰ্যটনস্থলী ৷
আহোম নিৰ্মাণ শৈলীৰ অন্যতম উচ্চ নিদৰ্শন বৰ পুখুৰীৰ নিৰ্মাণ আজিৰ দিনত এক আশ্চৰ্য ৷ প্ৰকৃততে আহোম দিনৰ পুখুৰী বিশেষজ্ঞ সকলে তেতিয়াৰ দিনত পুখুৰী খন্দা নাছিল, পাৰহে বন্ধাইছিল ৷ পুখুৰীৰ পাৰ বান্ধি শ শ মাটিৰ চাকি জ্বলাই পৰীক্ষা কৰিছিল পানীৰ উঁহ অথবা উৎস ৷ চাকি সমূহৰ ভিতৰত বতাহ নমৰাকৈ যিবোৰ চাকি নুমাই গৈছিল সেই স্থানত পোতা হৈছিল নাগমাৰি ৷ পুখুৰীৰ পাৰ বন্ধা সম্পূৰ্ণ হোৱাৰ পাচত নাগমাৰিৰ উঁহ ফুটাৰে পানী ভৰ্তি কৰা হৈছিল পুখুৰীত ৷ এই পুখুৰীত বছৰৰ সকলো সকলো সময়ত ভৰি থাকে পানীৰে ৷