অসম

assam

By

Published : Jun 18, 2022, 2:20 PM IST

ETV Bharat / state

শিমলুগুৰিৰ দিজৌখনা জানৰ পানীত বিষক্ৰিয়া: জলচৰ প্ৰাণীৰ মৃত্যুত তীব্ৰ প্ৰতিক্ৰিয়া

শিৱসাগৰৰ শিমলুগুৰিত চাঞ্চল্যকৰ ঘটনা । ঐতিহাসিক দিজৌখনা জানৰ পানীত বিষক্ৰিয়া(Fish soil due to poisoning in Dijokhna Jan water) । মাছৰ অস্বাভাৱিক মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ স্থানীয় সচেতন ৰাইজৰ ।

শিমলুগুৰিৰ দিজৌখনা জানৰ পানীত বিষক্ৰিয়া: জলচৰ প্ৰাণীৰ মৃত্যুত তীব্ৰ প্ৰতিক্ৰিয়া
শিমলুগুৰিৰ দিজৌখনা জানৰ পানীত বিষক্ৰিয়া: জলচৰ প্ৰাণীৰ মৃত্যুত তীব্ৰ প্ৰতিক্ৰিয়া

নাজিৰা,১৮ জুন:শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰত তীব্ৰ চাঞ্চল্য । বিষাক্ত হৈ পৰিছে নগৰখনৰ মাজেৰে বৈ যোৱা ঐতিহাসিক দিজৌখনা জানৰ পানী । যাৰ পৰিপ্ৰেক্ষিতত অস্বাভাৱিক হাৰত মৃত্যু হৈছে মাছৰ(Fish soil due to poisoning in Dijokhna Jan water) । যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ।

শিমলুগুৰিৰ দিজৌখনা জানৰ পানীত বিষক্ৰিয়া: জলচৰ প্ৰাণীৰ মৃত্যুত তীব্ৰ প্ৰতিক্ৰিয়া

আনহাতে এই ঘটনাক লৈ উত্থাপন হৈছে আন এক অভিযোগ । অভিযোগ অনুসৰি এটা উদ্যোগৰ পৰা তেলজাতীয় কেমিকেল পেলাই দিয়াৰ ফলতেই জানটোৰ পানী বিষাক্ত হৈ পৰাৰ অভিযোগ ৰাইজৰ(Dijokhna Jan water allegedly poisoned due to dumping of oily chemicals) । শিমলুগুৰিৰ ৰেলৱে ক্ৰচিঙৰ সমীপৰ মছকৰা নামৰ ব্যৱসায়ীজনৰ মাটিত ভাৰাতীয়া হিচাপে থকা অএনজিচিৰ এটা কেমিকেল গুডামৰ পৰা প্ৰায়ে জানটোত কেমিকেল পেলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

এনে কেমিকেলৰ প্ৰকোপত জানটোত থকা মাছৰ মৃত্যু হোৱাৰ লগতে মৰা মাছ খাই হাঁহ, কুকুৰাৰ মৃত্যু হোৱাৰো অভিযোগ উঠিছে ৷ এই সংক্ৰান্তত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:বৰক্ষেত্ৰীত মাজনিশা বান পৰিদৰ্শন কৰিলে বিধায়ক দিগন্ত বৰ্মনে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details