অসম

assam

By

Published : Feb 28, 2020, 3:22 PM IST

ETV Bharat / state

শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

শিৱসাগৰত প্ৰণৱ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গৈ ক'লা পতাকাৰ সন্মুখিন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ বাসগৃহলৈ যোৱাৰ সময়তে আছুয়ে অ' এন জি চিৰ প্ৰৱেশ দ্বাৰত ক'লা পতাকা প্ৰদৰ্শন কৰে মন্ত্ৰী গৰাকীক ৷

শিৱসাগৰ
শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

শিৱসাগৰ, ফেব্ৰুৱাৰীঃ শুকুৰবাৰে শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ বাসগৃহলৈ যোৱা সময়তে অ' এন জি চি প্ৰৱেশ দ্বাৰত ক'লা পতাকা প্ৰদৰ্শন কৰে মন্ত্ৰী গৰাকীক ৷ বিধানসভা প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পৰিয়ালক সমবেদনা জনাবলৈ গৈ আছুৰ ক'লা পতাকাৰ সন্মুখীন হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

উল্লেখ্য যে, শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ আগমনৰ বাবে আৰক্ষী-চিআৰপিএফৰ নিচ্ছিদ্ৰ বেহু গঢ়ি তুলিছিল ৷ মন্ত্ৰী গৰাকীৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনৰ আশংকাতে আৰক্ষী প্ৰশাসনে গঢ়ি তুলিছে এই বেহু ৷ কিন্তু আৰক্ষীৰ বেহু ফালি আছুৱে ক'লা পতাকাৰে আদৰণি জনায় মন্ত্ৰী গৰাকীক ৷

শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

আনহাতে, প্ৰয়াত প্ৰনৱ গগৈৰ ঘৰত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে পৰিয়ালক সমবেদনা জনাই কয় যে, প্ৰয়াত গগৈৰ দেশ আৰু জাতিৰ প্ৰতি মৰম আছিল । এই মৰমে তেওঁক ৰাজনীতিৰ পথাৰত উজ্বল জ্যোতিষ্ক কৰি ৰাখিছিল । তাৰোপৰি ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ পেনেল নিৰ্দিষ্ট হৈ আছে বুলি মন্তব্য কৰে হিমন্তই ৷ দুখন আসনৰ এখন সহযোগী বিপিএফক দিয়া হৈছে । তৃতীয় আসন যিহেতু বিজেপিৰ দখলত ৰাখিব পৰা নাযাব সেয়েহে বিৰোধীয়ে কাক মনোনীত কৰে সেয়া বিৰোধীৰ কথা । CAA আন্দোলনৰ সৈতে জড়িত কাৰোবাক দিয়ে অথবা আনক দিয়ে সেয়া তেওঁলোকে নিৰ্দিষ্ট কৰিব ।

শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

ইফালে শিৱসাগৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত শৰ্মাই কয় যে, প্ৰনৱ গগৈৰ অকাল বিয়োগত এনে পৰিস্থিতি আহিছে । এই পৰিস্থিতি সুখৰ নহয় । তথাপিও নিৰ্বাচন আয়োগে ঠিক কৰিব উপ নিৰ্বাচন হ'ব নে নহয় । হলেও প্ৰনৱ গগৈৰ মৃত্যুৰ পাছত খালী হোৱা আসনক কেন্দ্ৰ কৰি বিশেষ ৰাজনৈতিক তৎপৰতাৰ সৃষ্টি নহয় বুলি তেওঁ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই । শিৱসাগৰৰ ১৫৩০ বেতন বঞ্চিত শিক্ষকৰ প্ৰসংগত কয়, আমি এই বিষয় এজেণ্ডাত ৰাখিছো । কিছু দিনৰ ভিতৰত এক ইতিবাচক ফলাফল বাহিৰ হ'ব ।

শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

আৰু পঢ়কঃ যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

ABOUT THE AUTHOR

...view details