অসম

assam

ETV Bharat / state

বিতৰ্কৰ আৱৰ্তত হেৰিটেজ জয়সাগৰ - ফানচাইন গেটৱে প্ৰাইভেট লিমিটেড

শিৱসাগৰ জিলাৰ একমাত্ৰ বিনোদন কেন্দ্ৰ হেৰিটেজ জয়সাগৰক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটিছে বিতৰ্কৰ ৷ জিলা প্ৰশাসনৰ অনুমতি অবিহনে বিনোদন কেন্দ্ৰটোৰ এটা অংশ নিৰ্মাণ কৰাৰ বিষয়ে এই বিতৰ্কৰ সূত্ৰপাত হৈছে ৷ স্থানীয় ৰাইজে বিভ্ৰান্তিত পৰি জিলা প্ৰশাসনক বিনোদন কেন্দ্ৰটোক পূৰ্ণ অনুমতি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

Heritage sivsagar begins with a debate centering on Jayasagar sivsagar assam etv bharat news
হেৰিটেজ জয়সাগৰ

By

Published : Jun 24, 2020, 1:30 PM IST

শিৱসাগৰ,24 জুন:ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰৰ একমাত্ৰ বিনোদন কেন্দ্ৰ হেৰিটেজ শিৱসাগৰক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটিছে বিতৰ্কৰ । জিলাখনৰ এগৰাকী ব্যক্তিয়ে জিলা প্ৰশাসনক আবেদন কৰি তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত লাভ কৰা তথ্যই এই বিতৰ্কৰ সৃষ্টি কৰে ৷ জিলা প্ৰশাসনে হেৰিটেজ শিৱসাগৰৰ কোনো বৈধ তথ্য নাই বুলি প্ৰকাশ কৰিছে ৷

বিনোদন কেন্দ্ৰটোৰ বিৰুদ্ধে ভুল তথ্য প্ৰদানৰ দাবী

ঘটনাৰ বিৱৰণী অনুসৰি,ইনামূল হাজৰিকা নামৰ ব্যক্তিগৰাকীয়ে জিলা প্ৰশাসনক তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত দুখন আবেদন দাখিল কৰে ৷ ইয়াৰে এখন আছিল জয়সাগৰ পুখুৰীৰ পাৰত থকা একুৱাপাৰ্ক নামৰ বিনোদন কেন্দ্ৰটোৰ সন্দৰ্ভত আৰু আনখন উক্ত বিনোদন কেন্দ্ৰৰ চৌহদত থকা হেৰিটেজ জয়সাগৰ নামৰ ৰেষ্টুৰেণ্টখনৰ সন্দৰ্ভত । শিৱসাগৰ জিলা প্ৰশাসনে একুৱাপাৰ্ক নিৰ্মাণৰ বাবে 2005 চনত ফানচাইন গেটৱে প্ৰাইভেট লিমিটেড নামৰ এক কোম্পানীক অনুমতি প্ৰদান কৰাৰ তথ্য সেই সময়ৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰ হস্তাক্ষৰ সম্বলিত পত্ৰত প্ৰদান কৰা হৈছিল বুলি তথ্য প্ৰদান কৰে ৷ আনহাতে হেৰিটেজ জয়সাগৰ সন্দৰ্ভত তথ্য বিচাৰি কৰা এঘাৰটা প্ৰশ্নৰ উত্তৰত প্ৰশাসনে কোনো তথ্য নাই বুলি উত্তৰ প্ৰদান কৰে । এই তথ্য লাভৰ পিছতে সূচনা হয় এক বিতৰ্কৰ ৷

বিতৰ্কৰ আৱৰ্তত হেৰিটেজ জয়সাগৰ

আনহাতে,প্ৰশাসনৰ এইসমূহ তথ্য ভুলবশতঃ প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে হেৰিটেজ জয়সাগৰৰ স্বত্বাধিকাৰী ৰাজীৱ হাজৰিকাই । হাজৰিকাৰ মতে,হেৰিটেজ জয়সাগৰ এক বিনোদন কেন্দ্ৰ । 2005 চনত এই বিনোদন কেন্দ্ৰ নিৰ্মাণৰ অনুমতি প্ৰদানৰ সময়তে জলক্ৰীড়াৰ সুবিধাৰ বাবে একুৱাপাৰ্কৰ লগতে এখন ৰেষ্টুৰেণ্ট স্থাপনৰো অনুমতি প্ৰদান কৰিছিল কোম্পানীটোক । লক্ষণীয়ভাৱে এই সকলো অনুমতি ফানচাইন গেটৱে প্ৰাইভেট লিমিটেডৰ নামত অন্তৰ্ভূক্ত আছিল । 2009 চনত বিনোদন কেন্দ্ৰটোক এক আকৰ্ষণীয় নাম দিয়াৰ উদ্দেশ্যে হেৰিটেজ জয়সাগৰ নামেৰে নামাকৰণ কৰা হয় । সমগ্ৰ প্ৰকল্পটোৰ নাম হেৰিটেজ শিৱসাগৰ দিয়া হ’লেও কিন্তু ইয়াৰ অনুমতি ফানচাইন গেটৱে প্ৰাইভেট লিমিটেডৰ নামতহে অন্তৰ্ভূক্ত হৈ আছে । উল্লেখ্য যে,তথ্য জনাৰ আইনৰ বিষয়ে প্ৰশাসনৰ বোধগম্য নোহোৱাত প্ৰদান কৰা হৈছে এই বিসংগতিপূৰ্ণ তথ্য । ইয়াৰ বিপৰীতে সকলো আনুষংগিক অনুমতি থকা বুলি দাবী কৰিছে হেৰিটেজ জয়সাগৰৰ স্বত্বাধিকাৰী ৰাজীৱ হাজৰিকাই ৷

অৱশ্যে ৰাজীৱ হাজৰিকাই অনুমতিৰ সকলো তথ্য আপত্তিবিহীনভাৱে প্ৰদৰ্শন কৰাৰ পিছতো পুনৰ প্ৰশ্ন উত্থাপিত হৈছে অনুমতিৰ বৈধতাৰ লগতে স্বৰ্ত পালন সম্পৰ্কত । আনহাতে এনে বিতৰ্কৰ বাবে বিভ্ৰান্তি সৃষ্টি হৈছে জন সাধাৰণৰ মাজত । স্থানীয় ৰাইজে প্ৰশাসনক বিনোদন কেন্দ্ৰটোক পূৰ্ণ অনুমতি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে ৷

লগতে চাওকঃপুতলা থিয়েটাৰক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা এজন ব্যক্তিৰ

ABOUT THE AUTHOR

...view details