শিৱসাগৰ, 19 মে’: লক ডাউনৰ সময়ছোৱাত এক নতুন উদ্ভাৱনেৰে স্বাস্থ্য সংক্রান্তীয় বিষয়ত চমক সৃষ্টি কৰিছে শিৱসাগৰৰ প্রতিভাৱান বিজ্ঞানী আমিনুদ্দিন আহমেদে । শিৱসাগৰৰ অর্জুনগুৰিৰ ওলতলি গাঁৱৰ নিৱাসী আমিনুদ্দিন আহমেদে শেহতীয়া ভাৱে প্ৰস্তুত কৰি উলিয়াইছে এবিধ ঔষধি চাহপাত। ‘অসমীয়া নিৰাময় চাহ’ নাম দিয়া এই চাহপাতৰ চাহ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায় আৰু পুৰণি ভালেমান ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰিব তেওঁ জানিবলৈ দিয়ে ৷
ঔষধি গুণ সম্পন্ন চাহপাত তৈয়াৰ শিৱসাগৰৰ বিজ্ঞানীৰ - ‘দুৱেল ছিকিউৰিটি এলাৰ্ম’ আৱিস্কাৰ
শিৱসাগৰৰ বিজ্ঞানী আমিনুদ্দিন আহমেদৰ শেহতীয়া উদ্ভাৱন ‘অসমীয়া নিৰাময় চাহ’ নামৰ চাহপাতৰ ৷ নিউমোনিয়া, জ্বৰ, চর্দি, কাঁহ আদি ৰোগৰ মহৌষধ হিচাপে নিৰাময় চাহপাতৰ চাহ পৰিগণিত হ'ব বুলি আশাবাদী বিজ্ঞানীজন ৷ লগতে এইবিধ চাহপাতৰ চাহ সেৱন কৰি পুৰণি ভালেমান ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷
পেচাত এগৰাকী অভিযন্তা আমিনুদ্দিন আহমেদে ২০০৭ চনত ‘দুৱেল ছিকিউৰিটি এলাৰ্ম’ আৱিস্কাৰ কৰি সেই সময়ৰ ৰাষ্ট্রপতি ড0 এ পি জে আব্দুল কালামৰ দ্বাৰা ৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰোপৰি বিজ্ঞানী আমিনুদ্দিন আহমেদে ইলেক্ট্ৰনিক ঢেঁকী, ৰে'লৱে লেভেল ক্রচিং ৱার্নিং ডিভাইচ, ইলেক্ট্ৰ’ মেগনেটিক প্রজেক্ট লাইট, হাতী খেদা যন্ত্ৰ, হাই প্রটেকচন ডিভাইচ ইত্যাদি বিভিন্ন যন্ত্ৰ উদ্ভাৱন কৰি নিজৰ কর্মদক্ষতা আৰু সৃষ্টিশীল মনৰ নির্দশণ দাঙি ধৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক: বৰপেটা মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ