আমগুৰি,২১জুন : জন্মু-কাশ্মীৰৰ পুলৱামাত আই ইডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰশান্ত গগৈৰ অৱস্থা সংকটজনক । বৰ্তমান শ্ৰীনগৰৰ ৯২ বেষ্ট হাস্পাতলৰ আই চি ইউত চিকিৎসাধীন হৈ আছে প্ৰশান্ত ।
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হোৱা শিৱসাগৰৰ জোৱানৰ অৱস্থা সংকটজনক
১৭জুনত জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি খেমদৈ কাকতি গাঁৱৰ প্ৰশান্ত গগৈৰ অৱস্থা সংকটজনক
উল্লেখ্য যে, জন্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে আই ই ডি বিস্ফোৰণ সংঘটিত কৰিছিল । শ্ৰীনগৰৰ পৰা বালাকুটলৈ গৈ থকা অৱস্থাতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল আৰু এই বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শিৱসাগৰ জিলাৰ আমগুৰি খেমদৈ কাকতি গাঁৱৰ প্ৰশান্ত গগৈ । এই বিস্ফোৰণত প্ৰশান্তৰ লগতে ভাৰতীয় সেনাবাহিনীৰ ৪/৪ গোৰ্খা ৰেজিমেন্টৰ ১৮ গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছিল । আঘাতপ্ৰাপ্ত জোৱানকেইজনৰ ভিতৰত ৯ জন জোৱানৰ অৱস্থা সংকটজনক । বৰ্তমান আঘাতপ্ৰাপ্ত জোৱানকেইজন শ্ৰীনগৰ ৯২ বেষ্ট হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । দেশমাতৃৰ সেৱাৰ বাবে যোৱা প্ৰশান্ত গগৈয়ে ডেৰ মাহৰ চুটিত আহি ১০জুনত ঘৰৰ পৰা কামলৈ গৈছিল । জোৱানজনৰ শীঘ্ৰে আৰোগ্যৰ কামনা কৰিছে এতিয়া অঞ্চলবাসীয়ে ।