অসম

assam

ETV Bharat / state

নাজিৰাত স্বাস্থ্য বিভাগৰ কৰ্মীক অপদস্থ - নাজিৰাত ৰেল বিভাগৰ কৰ্মচাৰী

ৰাজ্যত পুনৰ সংঘটিত হৈছে স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰৰ ঘটনা । নাজিৰাত ৰেল বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা লাঞ্ছিত হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ।

HEALTH WORKER_MISBEHAVED
নাজিৰাত স্বাস্থ্য বিভাগৰ কৰ্মীক অপদস্থ

By

Published : Jun 4, 2021, 9:30 PM IST

নাজিৰা,4 জুন : ৰাজ্যত দিনক দিনে চিকিৎসক নিগ্ৰহৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ হোজাই জিলাৰ লংকাত ডাঃ সেউজ সেনাপতি আৰু এগৰাকী নাৰ্চক শাৰীৰিকভাবে অপদস্থ কৰাৰ পাচতে ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছিল চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে ৷ সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ ৰাজ্যত সংঘটিত হৈছে স্বাস্থ্য বিভাগৰ কৰ্মীক দুৰ্ব্যৱহাৰৰ ঘটনা ৷ এইবাৰৰ স্থান নাজিৰা ৷ ৰেল বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা লাঞ্ছিত হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ।

নাজিৰাত স্বাস্থ্য বিভাগৰ কৰ্মীক অপদস্থ
উল্লেখযোগ্য যে, শিমলুগুৰি ৰেল জংচনত ক’ভিড পৰীক্ষাৰ বাবে নিয়োজিত এদল স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰ কৰি শিমলুগুৰি আৰক্ষীৰ দ্বাৰা আটক হয় ৰেল বিভাগৰ কৰ্মচাৰী সোণাৰাম গগৈ । ৰেল বিভাগৰ টিকট পৰীক্ষক বুলি নিজকে চিনাকি দিয়া সোণাৰাম গগৈয়ে শুকুৰবাৰে দুপৰীয়া শিমলুগুৰি জংচনত প্ৰৱেশ কৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলক কোনো কাৰণ নোহোৱাকৈ অশ্লীল ভাষাৰে গালি গালাজ পাৰিবলৈ ধৰে ।ইপিনে উক্ত স্থানত উপস্থিত থকা চিকিৎসাকৰ্মীয়ে ঘটনা সন্দৰ্ভত লগে লগে শিমলুগুৰি আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ ৰেল বিভাগৰ কৰ্মচাৰী জনক আটক কৰে । মনকৰিবলগীয়া যে, ব্যক্তি জনে নিজকে ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত কৰ্মৰত বুলি সদৰী কৰে আৰক্ষীৰ আগত।লগতে পঢ়কঃ অপাৰেশ্যন ক্ৰিমিনেল : নগাঁৱত আই পি এছ আনন্দ মিশ্ৰৰ ধাৰাবাহিক অভিযান

ABOUT THE AUTHOR

...view details