অসম

assam

ETV Bharat / state

প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৰিশ ৰাৱাট - পৰিয়ালৰ লোকক সমবেদনা

আজি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক হৰিশ ৰাৱাট উপস্থিত হয় শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত ৷ প্ৰয়াত বিধায়ক গৰাকীৰ আকস্মিক মৃত্যু কংগ্ৰেছ দলৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য তত্বাৱধায়ক গৰাকীৰ ৷

প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৰিশ ৰাৱাট
প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৰিশ ৰাৱাট

By

Published : Feb 20, 2020, 10:21 PM IST

শিৱসাগৰ, 20 ফেব্ৰুৱাৰীঃ সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক হৰিশ ৰাৱটে আজি, শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৈ, নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জনায় ৷ সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ হৈ ৰাহুল গান্ধীক প্ৰতিনিধিত্ব কৰি, শীৰ্ষ নেতা গৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে ৷ প্ৰয়াত বিধায়ক প্ৰণৱ গগৈ কংগ্ৰেছ দলৰ এগৰাকী লেখত ল'বলগীয়া ব্যক্তি আছিল আৰু তেওঁৰ অনাকাংক্ষিত মৃত্যু দলটোৰ বাবে এক ডাঙৰ ক্ষতি বুলি কোৱাৰ লগতে শিৱসাগৰৰ বাবেও এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে তত্বাৱধায়ক গৰাকীয়ে ৷

প্ৰয়াত বিধায়ক প্ৰণৱ গগৈৰ ঘৰত উপস্থিত হৰিশ ৰাৱাট

ABOUT THE AUTHOR

...view details