অসম

assam

ETV Bharat / state

Har Ghar Tiranga 2022 : ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত আমগুৰিৰ মহিলাসকল - ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত আমগুৰিৰ মহিলাসকল

৩০০০ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ লক্ষ্য আগত ৰাখি দিনে নিশাই কাম কৰিছে আমগুৰিৰ মহিলাসকলে (Amguri women busy making national flags)। অসম গ্ৰামীণ জীৱিকা মিছনৰ অধীনত মহিলাসকলে প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় পতাকা । কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ ।

Har Ghar Tiranga 2022
ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত আমগুৰিৰ মহিলাসকল

By

Published : Aug 2, 2022, 2:08 PM IST

আমগুৰি, ২ আগষ্ট :দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অব্যাহত আছে আজাদী কা অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী (Azadi ka Amrit Mahotsav)। আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে হৰ ঘৰ তিৰংগা অভিযানক (Har Ghar Tiranga mission) সফল কৰাৰ উদ্দেশ্যে দেশবাসী সাজু হৈছে । ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত দেখা গৈছে এই অভিযানৰ প্ৰস্তুতি । বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকল ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ।

শিৱসাগৰ জিলাৰ আমগুৰিত মহিলাসকলৰ মাজত বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । ৩০০০ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ লক্ষ্যৰে মহিলাসকলে কাম কৰিছে । আমগুৰি উন্নয়ন খণ্ডৰ অধীনত অসম গ্ৰামীণ জীৱিকা মিছনৰ অধীনত মহিলাসকলে প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় পতাকা (Amguri women busy making national flags)।

ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত আমগুৰিৰ মহিলাসকল

উল্লেখ্য যে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে পতাকা উত্তোলন কৰি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিবলৈ চৰকাৰে আহ্বান জনাইছে । প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে প্ৰতিখন ৰাজ্যতে দেখা গৈছে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ব্যাপক প্ৰস্তুতি ।

আনহাতে অসম চৰকাৰেও বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে সকলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে । আনকি বহু স্থানত সুলভ মূল্যত ত্ৰিৰংগা বিক্ৰীৰো ব্যৱস্থা কৰিছে চৰকাৰে ।

লগতে পঢ়ক :Har Ghar Tiranga Abhiyan: কৰিমগঞ্জৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰিছে এগৰাকী যুৱতীয়ে

ABOUT THE AUTHOR

...view details