শিৱসাগৰ,11 অক্টোবৰ :সাধাৰণভাৱে আৰম্ভ হোৱা বাক-বিতণ্ডাৰ পৰিণতিত কেতিয়াবা হতা-হতি অথবা প্ৰচণ্ড মাৰপিট হোৱাৰ ঘটনা আপুনি দেখিছে ৷ যদিও এনে ঘটনা সাধাৰণ নহয় তথাপিও ই উদঙাই দি আহিছে আমাৰ সমাজত বৃদ্ধি পোৱা অসহিষ্ণুতাৰ দিশেটোৰ কথা ৷ শেহতীয়াকৈ, এনে এটা ঘটনাই সংঘটিত হৈছে শিৱসাগৰৰ দিচাংমুখত ৷
বুধবাৰে নিশা দিচাংমুখ জোলাটুপ তিনিআলিত সংঘটিত হোৱা এই সংঘৰ্ষত গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ আহত হয় মুঠ ১২ জনকৈ লোক ৷ আহত লোক সকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লেখযোগ্য যে, সাধাৰণ এটা বাক-বিতণ্ডাৰ ঘটনাৰ ফলশ্ৰুতিতে লেপাই দীঘল দৰিয়লি আৰু জোলাটুপ গাঁৱৰ দুই ফৈদৰ মাজত ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হয় ৷ দিচাংমুখ অঞ্চলত পূৰ্বেও এনে সংঘৰ্ষ বহুবাৰ সংঘটিত হৈছে ৷