অসম

assam

ETV Bharat / state

চৰাইদেউৰ সমীপৱৰ্তী নাগালেণ্ডত গ্ৰেনেড বিস্ফোৰণ

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত গ্ৰেনেড বিস্ফোৰণ(Grenade Blast) ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণ ৷ বিস্ফোৰণৰ আঁৰত নগা উগ্ৰপন্থী সংগঠন NSCN(KYA) জড়িত থকাৰ সন্দেহ ৷

grenade blast at nagaland near charaideo
grenade blast at nagaland near charaideo

By

Published : Aug 13, 2021, 10:41 AM IST

শিৱসাগৰ, 13 আগষ্ট :স্বাধীনতা দিৱস(Independence Day)ৰ প্ৰাকক্ষণতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলা(Mon District)ত সংঘটিত হৈছে এক গ্ৰেনেড বিস্ফোৰণৰ ঘটনা ৷ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্ত(India–Myanmar border)ৰ লংৱাৰ চেনলিছো বস্তিত এই বিস্ফোৰণ সংঘটিত হৈছে ৷

ঘটনাৰ ফলত এখন জেচিবি ক্ষতিগ্ৰস্ত

এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ আঁৰত নগা উগ্ৰপন্থী সংগঠন NSCN(KYA) জড়িত আছে বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে নিশা সংঘটিত এই বিস্ফোৰণৰ ফলত হোৱা ক্ষয়ক্ষতিৰ সবিশেষ তথ্য এতিয়াও লাভ কৰা নাই ৷ অৱশ্যে বিস্ফোৰণৰ ফলত এখন জেচিবি ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷

বিস্ফোৰণৰ আঁৰত নগা উগ্ৰপন্থী সংগঠন NSCN(KYA) জড়িত থকাৰ সন্দেহ

প্ৰাপ্ত তথ্য অনুসৰি, চেনলিছো বস্তিৰ বিধ্বস্ত পথ মেৰামতি কৰি দিয়াৰ বাবে সেই অঞ্চলৰ বাসিন্দাসকলে আছাম ৰাইফলচ(Assam Rifles)ক অনুৰোধ জনাইছিল ৷ সেই অনুসৰি আছাম ৰাইফলচৰ ফালৰ পৰা এখন জেচিবি(JCB) প্ৰেৰণ কৰি পাহাৰীয়া ওখোৰা-মোখোৰা পথটো মেৰামতিৰ ব্যৱস্থা কৰা হৈছিল ৷ পথটোৰ মেৰামতি চলি থকাৰ মাজতে নগা উগ্ৰপন্থী সংগঠনটোৱে জেচিবিখনলৈ গ্ৰেনেড নিক্ষেপ কৰি উক্ত বিস্ফোৰণ সংঘটিত কৰে ৷

লগতে পঢ়ক:অখিল গগৈয়ে নিজ সমষ্টিতকৈ চেঙা, ধুবুৰীৰ চৰ চাপৰিত বেছি গুৰুত্ব দিয়ে : আছু

ABOUT THE AUTHOR

...view details