শিৱসাগৰ,22 এপ্ৰিল : শিৱসাগৰৰ লাকুৱাত মঙলবাৰে মাজ নিশা সংঘটিত হোৱা অপহৰণ কাণ্ডক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী । শিৱসাগৰ আৰক্ষীৰ সকলো বেহু ভেদ কৰি তিনিজনকৈ অ'এনজিচিৰ কৰ্মচাৰীক অপহৰণ কৰা ঘটনাৰ তদন্তৰ সকলো দায়িত্ব লৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে । সেই সূত্ৰে বিষয়া গৰাকী বুধবাৰে নিশা শিৱসাগৰত উপস্থিত হৈ বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লয় ৷
বৰ্তমানলৈকে কোনো বিদ্ৰোহী সংগঠন অথবা আন কোনোৱে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীৰ তদন্তত এই ঘটনা আলফা (স্বা)ৰ দ্বাৰা সংঘটিত বুলি সদৰী কৰে জি পি সিঙে । ইতিমধ্যে অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
আনহাতে, শিমলুগুৰি থানাত অ'এনজিচিৰ তৰফৰ পৰা এক এজাহাৰ দাখিল কৰাত শিৱসাগৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ বাবে লাকুৱাৰ ৰীগটোৰ সুৰক্ষাৰ দায়িত্বত থকা তিনি গৃহৰক্ষী জোৱানৰ লগতে অপহৃতক লৈ যোৱা এম্বুলেঞ্চ খনৰ চালকক জিম্মাত লোৱাৰ বিপৰীতে বহু কেইজন লোকক ঘটনাৰ সৈতে যোগসূত্ৰ থকাৰ সন্দেহত সোধপোচৰ বাবে আটক কৰিছে ।