আমগুৰি, 29 নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে চৰকাৰী বিদ্যালয় কেন্দ্ৰিক বহুতো বাদ-বিবাদ, অভিযোগ-প্ৰতি অভিযোগ ৷ মধ্যাহ্ন ভোজন বিতৰ্কৰে সম্প্ৰতি তুংগত থকা ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমুহৰ ভিতৰৰে এখন বিদ্যালয়ে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ চৰ্চাত থকা বিদ্যালয়খন হৈছে আমগুৰিস্থিত ৯৪ নং চামগুৰি প্ৰাথমিক বিদ্যালয় ৷
উক্ত বিদ্যালয়খনে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চমকেৰে কেৱল ছাত্ৰ-ছাত্ৰীৰে নহয় সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন বৰ্তমান ডিজিটেল স্কুল নামেৰে বিখ্যাত হৈ পৰিছে ৷ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰতি একাংশ অভিভাৱক, ছাত্ৰ-ছাত্ৰীয়ে অনীহা প্ৰকাশ কৰাৰ সময়তে ছগৰাকী শিক্ষয়িত্ৰীয়ে গাঁঠিৰ ধন ভাঙি লোৱা এই প্ৰচেষ্টা যথেষ্ঠ প্ৰশংসনীয় হিচাপে পৰিচিত হৈছে ৷ সম্প্ৰতি, বিদ্যালয় কৰ্তৃপক্ষই ডিজিটেল ক্লাছৰূমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সকলো বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইপিনে, বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত ডিজিটেল ক্লাছৰূমৰ ব্যৱস্থা কৰিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনাইছে ।