শিৱসাগৰ , 13 আগষ্টঃ বিগত বছৰৰ শেষৰ সময়ত শিৱসাগৰ পৌৰ সভাই বৰ্তমানৰ ৱাৰ্ডৰ সংখ্যা ১৪ৰ পৰা বৃদ্ধি কৰি ১৯ টা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ অসমৰ ৰাজ্যপালে ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্তক নাকচ কৰি পূৰ্বৰ ১৪ টা ৱাৰ্ড বাহাল ৰখাৰ আদেশ জাৰি কৰাৰ পাছতেই ফাদিল হৈ পৰিছে একাংশ ৱাৰ্ড মেম্বাৰৰ গোপন অভিসন্ধি ৷ ঘটনাৰ বিৱৰণী মতে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত শিৱসাগৰ পৌৰ সভাৰ সদ্য প্ৰাক্তন পৌৰপতি মৃদুস্মিতা সিনহা আৰু দুজনমান মুষ্টিমেয় পৌৰপতিক লগত লৈ শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ডৰ সংখ্যা ১৪ টাৰ পৰা ১৯ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আনে ৷ পৌৰসভাৰ ১০,১২,১৪ আদি তুলনামূলকভাৱে ডাঙৰ ৱাৰ্ডসমূহ ভাঙি পাঁচটা নতুন ৱাৰ্ড গঠনৰ প্ৰস্তাৱ সৰহ সংখ্যক পৌৰপতিয়ে বিৰোধিতা কৰে যদিও নগৰৰ পৰিসৰ বৃদ্ধি কৰি দিখৌ দলং পাৰ হৈ দৰিকা দলং সামৰি ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সকলোৱে সহমত পোষণ কৰে ৷ এই সহমতক বিকৃত কৰি পৌৰপতি মৃদুস্মিতা সিনহা আৰু মুষ্টিমেয় ৱাৰ্ড কমিছনাৰে পৰৱৰ্তী সময়ত সকলো ৱাৰ্ড কমিছনাৰৰ সমৰ্থন আছে বুলি ভুৱা তথ্য প্ৰদান কৰি ৱাৰ্ডৰ সংখ্যা ১৯ টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
শিৱসাগৰ পৌৰ সভাৰ ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্ত নাকচ কৰিলে ৰাজ্যপালে - শিৱসাগৰ পৌৰসভা
পৌৰপতি মৃদুস্মিতা সিনহা আৰু মুষ্টিমেয় ৱাৰ্ড কমিছনাৰে সকলো ৱাৰ্ড কমিছনাৰৰ সমৰ্থন থকাৰ ভুৱা তথ্যৰে ৱাৰ্ডৰ সংখ্যা ১৯ টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সম্প্ৰতি ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্তক নাকচ কৰি পূৰ্বৰ ১৪ টা ৱাৰ্ড বাহাল ৰখাৰ আদেশ জাৰি কৰিছে ৰাজ্যপালে ৷
![শিৱসাগৰ পৌৰ সভাৰ ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্ত নাকচ কৰিলে ৰাজ্যপালে শিৱসাগৰ পৌৰ সভাৰ ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্ত নাকচ কৰিলে ৰাজ্যপালে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8400649-thumbnail-3x2-shiv.jpg)
এনে অবৈধ সিদ্ধান্তৰ বিৰুদ্ধে নগৰ উন্নয়ণ বিভাগত একাংশ ৱাৰ্ড কমিছনাৰে অভিযোগ দাখিল কৰাৰ পাছত শিৱসাগৰ জিলা উপায়ুক্ত আৰু নিৰ্বাচন আয়োগ তথা দণ্ডাধীশক এক অনুসন্ধান কৰাৰ নিৰ্দেশ দিয়ে । সেই অনুসৰি যোৱা মাৰ্চ মাহত নিৰ্বাচন বিষয়া পংকজ বৰাই বিষয় সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰাৰ পাছত যোৱা জুলাই মাহত অসমৰ ৰাজ্যপালে ৱাৰ্ড বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰে ৷ ৰাজ্যপালৰ এনে ঘোষণাৰ ফলত শিৱসাগৰ পৌৰসভাৰ সদ্য প্ৰাক্তন পৌৰপতি মৃদুস্মিতা সিনহাৰ লগতে একাংশ ৱাৰ্ড কমিছনাৰৰ ভুৱা অভিসন্ধি ফাদিল হোৱাৰ লগতে বিৰোধ কৰা সকলৰ সত্যতা প্ৰমাণিত হয় ।
লগতে পঢ়কঃপাঁচ মহীয়া শিশু হত্যাকাৰীক উচিত শাস্তিৰ দাবী কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ