শিৱসাগৰ, ২৬ এপ্ৰিল:অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলাত মঙলবাৰে উপস্থিত হয় (Governor Gulab Chand Kataria at Sivasagar)। কালি অ'এনজিচি নাজিৰাত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন সুৰক্ষা বাহিনীৰ মুৰব্বী সকলৰ সৈতে বৈঠকত মিলিত হয় । তেওঁ কেইবাটাও সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতেও বাৰ্তালাপ কৰে ।
বুধবাৰে পুৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই শিৱসাগৰৰ মুখ্য প্ৰাচীন কীৰ্তিচিহ্ন সমূহ পৰিদৰ্শন কৰি আহোম ৰাজত্বৰ সাংস্কৃতিক উপাদান সমূহৰ বুজ লয় । গড়গাঁৱৰ কাৰেংঘৰ পৰিদৰ্শনৰ পাছত ৰাজ্যপালগৰাকীয়ে ঐতিহাসিক শিৱ দ'লত সপত্নীক উপস্থিত হৈ সেৱা আগবঢ়ায় (Governor Gulab Chand Kataria at Karenghar)। শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ পৰিদৰ্শনৰ অন্তত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জয়সাগৰস্থিত বহু কেইটা আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন পৰিদৰ্শন কৰে । ইয়াৰ পিচতেই তেওঁ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক দিশটো অনুধাৱন কৰিবলৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় (Rajiv Gandhi Co operative University) ।