নিউজ ডেস্ক, 21এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজিৰেপৰা কিছু পৰিমাণে শিথিল কৰা হ'ল লক ডাউন ৷ যোৰহাট জিলাত চৰকাৰৰ নিৰ্দেশ মানি আজিৰেপৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল সকলো চৰকাৰী কাৰ্যালয় ৷ চৰকাৰী নীতি অনুসৰি 33 শতাংশ কৰ্মচাৰীৰে আৰম্ভ হয় কাৰ্যালয়সমূহ ৷ ইপিনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সকলো কৰ্মচাৰীৰ বাবে ৰাজহুৱা চেনিটাইজাৰৰো ব্যৱস্থা গ্ৰহণ কৰিছে অসামৰিক প্ৰতিৰক্ষা বিভাগে ৷
ৰাজ্যত আজিৰে পৰা আৰম্ভ চৰকাৰী কাৰ্যালয় - Government office Re open
চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক সামাজিক ব্যৱধান,মাস্ক পৰিধান,চেনিটাইজেশ্যন ৷ শিৱসাগৰত চৰকাৰী কৰ্মচাৰীৰ বাবে বিভাগৰ পৰা থাকিব বাহনৰ ব্যৱস্থা ৷
ইয়াৰ উপৰি শিৱসাগৰটো জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৷ সকলো কৰ্মচাৰীকে কেতবোৰ কঠোৰ নীতি-নিয়ম পালন কৰিবলৈ নিৰ্দেশ দিছে শিৱসাগৰ জিলা উপায়ুক্তই ৷ সাংবাদিকৰ আগত উপায়ুক্তগৰাকীয়ে সামাজিক ব্যৱধান,মাস্ক পৰিধান,চেনিটাইজেশ্যন আদি শিৱসাগৰৰ চৰকাৰী কাৰ্যালয় সমূহত বাধ্যতামূলক কৰা হৈছে বুলি মন্তব্য কৰে । আনহাতে জিলা প্ৰশাসনে যান-বাহনৰ চলাচলত কঠোৰতা অৱলম্বন কৰাৰ লগতে বিভাগীয় কৰ্মচাৰীক ব্যক্তিগত বাহন অনাত বাধা দিয়াৰ উপৰিও বিভাগৰ তৰফৰ পৰা কৰ্মচাৰীৰ বাবে বাহনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে শিৱসাগৰত 3খনকৈ কিতাপৰ দোকান আৰু ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকৰ সুবিধাৰ্থে জিলাখনত 2খনকৈ হাৰ্ডৱেৰৰ দোকান খুলিবলৈ অনুমতি দিয়া হৈছে জিলা প্ৰশাসনৰ পৰা ৷ ইপিনে চিকিৎসাজনিত কাৰণৰ বাহিৰে আন কাৰণত জিলাখনত বাহন চলাচল নিষিদ্ধ কৰা হৈছে বুলি সাংবাদিকক অৱগত কৰে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷
লগতে পঢ়কঃৰাজ্যলৈ এপ্ৰিল মাহৰ বাবে 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ