শিৱসাগৰ, 16 ফেব্ৰুৱাৰী: ৰাজ্যত সক্ৰিয় হৈছে বৃহৎ সোণ চুৰি চক্ৰ ৷ এই সোণ চুৰি চক্ৰৰ বিৰুদ্ধে সোণাৰি, মৰাণসহ বিভিন্ন স্থানত চৰাইদেউ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ শেহতীয়াকৈ চৰাইদেউ আৰক্ষীয়ে সোণ চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে সফলতা ৷ চৰাইদেউ আৰক্ষীয়ে প্ৰথমে শিৱসাগৰৰ কোঁৱৰপুৰৰ শেনচোৱা গাঁৱৰ পৰা অংকুৰ দাস নামৰ এটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰে ৷ তাৰ পিচতেই ওলাই পৰে উৰহীৰ ওৰ ৷ অংকুৰ দাসক আটক কৰাৰ লগতেই আৰক্ষীৰ জালত পৰে আন ৬ জন (Gold thieves arrested by Charaideo police) ৷
ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই প্ৰথমে সোণ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অংকুৰ দাসক (Gold thieves arrested in Sivasagar)। অংকুৰ দাসে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে সকলো কথা ৷ অংকুৰ দাসে চুৰি সোণসমূহ বিক্ৰী কৰিছিলহি শিৱসাগৰ চহৰস্থিত Mauli Hallmarking Centre ত । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ আৰক্ষীয়ে আজি পুৱাৰ ভাগত Mauli Hallmarking Centre আৰু টুম্পা জুৱেলাৰীত অভিযান চলায় ।
অভিযানৰ অন্তত বিয়লি Mauli Hallmarking Centre খন ছীল কৰি দিয়ে শিৱসাগৰ প্ৰশাসনে । আৰক্ষীয়ে অংকুৰ দাসক গ্ৰেপ্তাৰ কৰাৰ উপৰিও টুম্পা জুৱেলাৰীৰ স্বত্বাধিকাৰী নিখিল কৰ্মকাৰ, Mauli Hallmarking Centre ৰ মিৰাজুদ্দিন মালিক, মুকুৰাবিন মালিক, অৰ্ণৱ প্ৰতীম গগৈ, আশীষ বাজাজ, শ্ৰীমতী পাঞ্চাল লিম্বু, প্ৰাৰ্চী গগৈক আটক কৰে ।