শিৱসাগৰ,8 এপ্ৰিল : শিৱসাগৰ জিলাৰ ডিমৌত কৃষি বিভাগৰ বীজ নিগমৰ গুদামত সংঘটিত হৈছে এক অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।
ডিমৌৰ কৃষি বিভাগৰ গুদামত অগ্নিকাণ্ড - ডিমৌ
ডিমৌত কৃষি বিভাগৰ বীজ নিগমৰ গুদামত অগ্নিকাণ্ড । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৷

ডিমৌত অগ্নিকাণ্ড
ডিমৌত অগ্নিকাণ্ড
বৃহস্পতিবাৰে পুৱাৰ ভাগত গুদাম ঘৰৰ পৰা ধোঁৱা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে স্থানীয় ৰাইজে । ইয়াৰ পাচতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে । অগ্নিকাণ্ডৰ ফলত গুদামটোত থকা ধান, ঘেঁহু, চয়াবিন, মটৰ, গুমধানকে ধৰি বহু বীজ নষ্ট হয় ৷
লগতে পঢ়ক :কমাৰবন্ধাত দেওৰেকৰ দাৰ ঘাপত প্ৰাণ গ'ল বৌয়েকৰ