আমগুৰি, 6 নৱেম্বৰ: গাহৰিৰ ছোৱাইন ফিভাৰ, ম'হৰ অচিন ৰোগৰ পিছত শিৱসাগৰ জিলাৰ আমগুৰিত এইবাৰ ছাগলীৰ দেহত দেখা দিছে অচিন ৰোগৰ লক্ষণে৷ ইয়াকে লৈ চিন্তিত কৰি তুলিছে ছাগলি পালক সকলক৷ প্ৰথমে অত্যাধিক শৌচ হোৱাৰ লগতে ছাগলীৰ জ্বৰ, মুখ চিগা, পেট ওখহা, চকুৰ পানী ওলোৱা আদি অচিন ৰোগত ৰাতিৰ ভিতৰতৰ মৃত্যু হৈছে পশু পালকৰ বহু ছাগলী ৷
আমগুৰিত ছাগলীৰ দেহত অচিন ৰোগৰ লক্ষণ - আমগুৰি
আমগুৰিত ছাগলীৰ দেহত দেখা দিয়া অচিন ৰোগে চিন্তিত কৰি তুলিছে পশু পালকসকলক ৷ অচিন ৰোগত ৰাতিৰ ভিতৰতৰ মৃত্যু হৈছে পশু পালকৰ বহু ছাগলী। ৰাজ্যৰ পশুপালন বিভাগৰো কোনো গুৰুত্ব প্ৰদাণ নকৰা অভিযোগ উত্থাপন কৰিছে ভুক্তভূগি ৰাইজে৷

আমগুৰিত ছাগলীৰ দেহত অচিন ৰোগৰ লক্ষণ
পশু পালকৰ মন্তব্য
উল্লেখ্য যে, ছাগলীৰ প্লেগ বা গ'ট প্লেগে নামেৰে জনাজাত এই ৰোগৰ অসমত সুলভ নহয় কোনো ভেকচিন। যাৰ বাবে দিশহাৰা হৈ পৰিছে পশু পালক সকল ৷ ইফালে ৰাজ্যৰ পশুপালন বিভাগৰো কোনো গুৰুত্ব প্ৰদাণ নকৰা অভিযোগ উত্থাপন কৰিছে ভুক্তভূগি ৰাইজে৷ অভিযোগ অনুসৰি খবৰ দিলেও নাহে পশু বিভাগৰ চিকিৎসক তথা কোনো বিভাগীয় কৰ্মচাৰী।
লগতে পঢ়কঃCBIক হাথৰছ কাণ্ডৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ লক্ষ্ণৌ আদালতৰ