শিৱসাগৰ, 12 এপ্ৰিলঃ শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু উদযাপন সমিতিয়ে বাতিল কৰিলে ২৪ সংখ্যক ৰঙালী বিহু সন্মিলন । কিন্তু বিহু উদযাপন সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাই বিহ উদযাপনৰ বাবে সংগ্ৰহ কৰা ১ লাখ ১১ হেজাৰ টকা প্ৰদান কৰিলে অসম আৰোগ্য নিধিলৈ । শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত আজি উৰুকাৰ বিয়লি বিহু সন্মিলনৰ সম্পাদক শৰৎ হাজৰিকাই অনুষ্ঠানিকভাৱে প্ৰদান কৰিলে চেক । COVID-19 বিৰোধী যুজঁৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ চেক প্ৰেৰণ কৰে বিহু উদযাপন সমিতিয়ে ।
বিহু উদযাপনৰ বাবে সংগ্ৰহ কৰা ধন প্ৰদান আৰোগ্য নিধিলৈ - COVID-19
শিৱসাগৰৰ সন্মিলিত ৰঙালী বিহু উদযাপন সমিতিয়ে তেওঁলোকৰ ২৪ সংখ্যক ৰঙালী বিহু সন্মিলন বাতিল কৰাৰ সমান্তৰালকৈ, বিহু উদযাপনৰ বাবে সংগ্ৰহ কৰা ধন জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰে অসম আৰোগ্য নিধিলৈ ।
fund donated to arogya nidhi in sivasagar