অসম

assam

By

Published : Feb 13, 2021, 6:59 AM IST

ETV Bharat / state

সাপেখাতী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন

বৃহস্পতিবাৰে সাপেখাতী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা ৷ সভাত উপস্থিত থাকে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বৰদলৈ, সমাজকৰ্মী বাণী চাংমাই, সাপেখাতী প্ৰেছ ক্লাবৰ সভাপতি কেশৱ গগৈৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল ৷

সাপেখাতী মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভা
সাপেখাতী মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভা

মৰাণ,13 ফেব্ৰুৱাৰী:চৰাইদেউৰ সাপেখাতীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান সাপেখাতী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা ৷ মহাবিদ্যালয়খনলৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই আদৰণি সভা ৷

সাপেখাতী মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভা

সাপেখাতী মহাবিদ্যালয়ৰ অধ্যক্ষা কনকলতা কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাখনত সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অজিত বৰদলৈ, সমাজকৰ্মী বাণী চাংমাই, সাপেখাতী প্ৰেছ ক্লাবৰ সভাপতি কেশৱ গগৈ, অঞ্জন গগৈ, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য পবী গগৈ, সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অনুপম বৰঠাকুৰ, উপদেষ্টা নিতুল গগৈৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

সাপেখাতী মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভা

সাপেখাতী মহাবিদ্যালয়ত অনুষ্ঠিত এই সভাত নৱাগতসকলৰ গীত-নৃত্যৰ এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ সুৰেৰে জীপাল হৈ পৰে সাপেখাতী মহাবিদ্যালয় ৷ উক্ত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে গীতৰ শৰাই আগবঢ়ায় ৷

লগতে পঢ়কঃ6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত

ABOUT THE AUTHOR

...view details