অসম

assam

By

Published : Dec 13, 2021, 1:10 PM IST

ETV Bharat / state

নিশাৰ এন্ধাৰত টৰ্চ লৈ কি বিচাৰিছে বন বিভাগে ?

দিখৌমুখত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (free roaming of rhino at Dikhowmukh) ৷ অঞ্চলটোত তীক্ষ্ণ নজৰ ৰখাৰ লগতে গঁড় কেইটাক সেই স্থানৰ পৰা আঁতৰাই নিয়াৰ বাবে অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷

গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত দিখৌমুখবাসী
গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত দিখৌমুখবাসী

আমগুৰি, 13 ডিচেম্বৰ :শিৱসাগৰ জিলাৰ দিখৌমুখত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (free roaming of rhino at Dikhowmukh) ৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ । বিগত দুটা দিন ধৰি দিখৌমুখৰ ৰঙাজান পথাৰৰ এডৰা ডাঠ বেতনিত আৱদ্ধ হৈ আছে এই গঁড় দুটা । দিখৌমুখ গড়ছিগা ৰঙাজান পথাৰত গৰু মেলিবলৈ যোৱা কেইবাজনো গঞাই প্ৰত্যক্ষ কৰিছিল গঁড় দুটাক ।

জানিব পৰা মতে, কিছুদিন পূৰ্বে গৰু এৰাল দিবলৈ যোৱা দুজন লোক গঁড়ৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে । ৰঙাজান পথাৰৰ ডাঠ বেতনিত গঁড় দুটা আৱদ্ধ হৈ থকাৰ বাবে পথাৰলৈ ধান কাটিবলৈ যোৱাৰ পৰা বিৰত আছে অঞ্চলবাসী । যাৰ বাবে বন বিভাগৰ লোকে অঞ্চলটোত গঁড় বিচাৰি অভিযান আৰম্ভ কৰিছে ৷

নিশাৰ এন্ধাৰত টৰ্চ লৈ কি বিচাৰিছে বন বিভাগে ?

বন বিভাগৰ লোকে নিশাৰ এন্ধাৰতো বন্দুকৰ গুলী আৰু ফটকা ফুটুৱাই গঁড় খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সোমবাৰৰ ভিতৰত গঁড় দুটা নিৰাপদ স্থানলৈ নিব নোৱাৰিলে, পৰৱৰ্তী সময়ত হাতীৰ সহায় লৈ গঁড় খেদাৰ চেষ্টা চলাব বুলি বন বিভাগৰ লোকে সদৰী কৰে ৷

লগতে পঢ়ক :গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details