শিৱসাগৰ, ২৭ জুলাই: শিৱসাগৰৰ মিলন মন্দিৰত বুধবাৰে বিনামূলীয়া কৰ্কট পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় (Free cancer test camp in Shivsagar)। এই শিবিৰৰ আয়োজনৰ বাবে উদ্য়োগ গ্ৰহণ কৰে মাৰোৱাড়ী যুৱ মঞ্চৰ(মায়ুম) য়েছ দেউৰা আৰু সৌৰভ আগৰৱালাই । মায়ুম আৰু মাৰোৱাড়ী পঞ্চায়তে নিজৰ সামাজিক সেৱাৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰে ।
উক্ত শিবিৰটোত ভাৰতবৰ্ষ ভ্ৰমণ কৰা মায়ুমৰ কেঞ্চাৰ স্কিনিং ভেন দ্বাৰা সকলো প্ৰকাৰৰ কৰ্কটৰ বিনামূলীয়া পৰীক্ষা কৰা হয় । এই শিবিৰত ১২০গৰকীৰ পঞ্জীয়ন কৰা হৈছে যদিও সম্ভৱ হ'লে আৰু কিছু ৰোগীৰ পঞ্জীয়ন কৰি পৰীক্ষা কৰা হ'ব বুলি উদ্যোক্তাই সদৰি কৰিছে । এই শিবিৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ, দন্ত চিকিৎসক আৰু সাধাৰণ ৰোগ বিশেষজ্ঞ উপস্থিত থাকে । সকলো ৰোগীৰ প্ৰথমে প্ৰাথমিক পৰীক্ষা কৰাৰ পাছত কেঞ্চাৰ স্কিনিং ভেনত সকলো পৰীক্ষা কৰা হয় (Free cancer test camp)।