অসম

assam

ETV Bharat / state

চৰাইদেউত লক ডাউন উলংঘা কৰা চাৰি পাচলি ব্যৱসায়ীক আটক - Soaidew police

শিৱসাগৰ আৰক্ষীয়ে সোণাৰিত আটক কৰিলে বহিঃ জিলাৰ পৰা শাক-পাচলি সৰবৰাহ কৰা চাৰি অসাধু ব্যৱসায়ীক ৷

Four rule breaker Vegetable vendor arrested by Soaidew police
চৰাইদেউত লক ডাউন উলংঘা কৰা চাৰি পাচলি ব্যৱসায়ীক আটক

By

Published : Apr 19, 2020, 8:52 PM IST

চৰাইদেউ, 19 এপ্ৰিল: কৰ'ণা মহামাৰীক প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউন ৷ জনসাধাৰণক এই মহামাৰীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰশাসনে প্ৰদান কৰিছে বহু নিৰ্দেশনা ৷ কিন্তু প্ৰশাসনৰ নীতি নিৰ্দেশনাক অৱমাননা কৰি গোপনে ব্যৱসায় চলাইছে কিছু অসাধু লোকে ৷ শুকুৰবাৰে শিৱসাগৰত এখন অবৈধ পাচলি ভৰ্তি ট্ৰাক জব্দ হোৱাৰ পাছতে শনিবাৰে নিশা পুনৰ চৰাইদেউ আৰক্ষীয়ে সোণাৰিত আটক কৰিলে বহিঃ জিলাৰ পৰা শাক-পাচলি সৰবৰাহ কৰা চাৰি অসাধু ব্যৱসায়ীক ৷

চৰাইদেউত লক ডাউন উলংঘা কৰা চাৰি পাচলি ব্যৱসায়ীক আটক

উল্লেখ্য যে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা, বিজেপি যুৱ মৰ্চা আৰু সোণাৰিৰ একাংশ সাংবাদিকৰ অভিযোগৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই আটক কৰে ব্যৱসায়ী কেইজনক ৷ AS-02CC-1751 নম্বৰৰ এখন ডি আই গাড়ীসহ আৰক্ষীয়ে আটক কৰে সোণাৰিৰ জিয়াউৰ আহমেদ,খছৰুল ইছলাম, নগাঁৱৰ চাহিদ আহমেদ আৰু লংপতীয়াৰ প্ৰশান্ত মহন্তক ৷ উল্লেখ্য যে,কৰ'ণাৰ ৰেড জ'ন হিচাপে চিহ্নিত নগাঁও জিলাৰ পৰা গ্ৰীণ জ'নলৈ অৰ্থাৎ চৰাইদেউ জিলাত শাক-পাচলি সৰবৰাহ কৰিছিল ব্যৱসায়ী কেইজনে ৷ ইয়াৰ উপৰিও অভিযানৰ সময়ত খচৰুল ইছলাম নামৰ ব্যৱসায়ী জনৰ সোণাৰি নগৰস্থিত শাক-পাচলিৰ গোদাম ছীল কৰা লগতে এখন মিনি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ বিলাসীপাৰাত ধুমুহাৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details