শিৱসাগৰ, 4 জুলাই : সংগ্ৰামী সেনা অসমৰ প্ৰশংসনীয় পদক্ষেপ ৷ ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুৰ দিনটোতে দেওবাৰে ভাষা-সংস্কৃতিৰ পীঠস্থানস্বৰূপ শিৱসাগৰত উন্মোচিত হ'ল নব্য পৃষ্ঠা ৷ বৌদ্ধিক জাতীয়তাবাদৰ যুগান্তকাৰী দায়বদ্ধতাৰ পৰিচয় দি সংগ্ৰামী সেনা অসমৰ উদ্যোগত ঐতিহাসিক বৰপুখুৰীৰ পাৰত থকা ৰেভাৰেণ্ড ড৹ মাইলচ ব্ৰনচনৰ প্ৰতিমূৰ্তি থলীত দেওবাৰে শিলান্যাস কৰা হয় অসমৰ প্ৰথম খন সংবাদ পত্ৰ অৰুণোদয়ৰ স্মাৰকৰ ৷ এই শিলান্যাস কৰে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন, ৰাজহ মন্ত্ৰী যোগেন মহনে ৷
এই উপলক্ষে ক'ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা এখন সভাত সভাপতিত্ব কৰে সংগঠনটোৰ মুখ্য উপদেষ্টা হেমন্ত চাংমায়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী মহনে সংগ্ৰামী সেনা অসমৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে ৷ তেওঁ কয় যে,সংগ্ৰামী সেনা অসমে জাতীয় দায়িত্ববোধৰ পৰিচয় দিছে ৷ অসমীয়া ভাষাৰ সংকটৰ সময়ত ড৹ মাইলচ ব্ৰনচন,অলিভাৰ কট্টাৰ, নাথান ব্ৰাউনৰ দৰে মহান মণিষী সকলে অৰুণোদয় কাকত প্ৰকাশ কৰি অসমীয়া ভাষাটোক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবৰ বাবে আত্মিক প্ৰচেষ্টা কৰিছিল ৷