অসম

assam

ETV Bharat / state

একেদিনাই ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই - আধাৰশিলা স্থাপন

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত যেন আধাৰশিলা স্থাপনৰ প্ৰতিযোগিতাহে চলিছে । শিৱসাগৰ জিলাৰ আমগুৰিত একেটা দিনতে ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই ।

একেদিনাই ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই
একেদিনাই ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই

By

Published : Feb 5, 2021, 8:44 PM IST

আমগুৰি, ৫ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ৰাজ্যৰ ভিন্ন প্ৰান্তত সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে । সমান্তৰালকৈ বিধায়সকলেও নিজ নিজ সমষ্টিত বিভিন্ন উন্নয়নমূলক কামৰ বাবে আধাৰশিলা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে । ৰাইজৰ কাষ চপাৰ সুযোগ এৰি দিয়া নাই প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ।

একেদিনাই ২০টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই

শুক্ৰবাৰে শিৱসাগৰ জিলাৰ ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই সমষ্টিটোৰ গ্ৰামাঞ্চলৰ কেইবাটাও স্থানত নিৰ্মাণ হ'বলগীয়া ২০টা পথৰ আধাৰশিলা স্থাপন কৰে । আমগুৰি সমষ্টিৰ ৰাইজে দীৰ্ঘদিন ধৰি ভূগি অহা যাতায়াতৰ সমস্যা সমাধানৰ উদ্দেশ্যে বিধায়কগৰাকীয়ে সমষ্টিটোৰ দিকচু, হাফলুটিং, নামতিত ২০টাকৈ পথৰ শিলান্যাস কৰে । SOPD আঁচনিৰ অধীনত নিৰ্মাণ হ'ব এই পথসমূহ ।

আধাৰশিলা স্থাপন অনুষ্ঠানত আমগুৰি বিধান পৰিষদৰ সভাপতি বিপুল বৰকটকী, কাৰ্যকৰী সভাপতি ড০ অনিল গগৈ, জিলা পৰিষদৰ সদস্য সুমিত্ৰ তামুলী, অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা, অগপৰ জ্যেষ্ঠ কৰ্মী বিনয় তামুলী, জয়ন্ত বৰাৰ লগতে ভালেসংখ্যক অগপৰ নেতা-কৰ্মী উপস্থিত থাকে । আনহাতে, জৰাজীৰ্ণ পথসমূহৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ বাবে আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক:বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details