অসম

assam

By

Published : Nov 1, 2020, 6:50 PM IST

ETV Bharat / state

আমগুৰি চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ চাহ বাগিচা অঞ্চল সমূহত ১১৯ খন নতুন বিদ্যালয় স্থাপনৰ সিদ্ধান্ত ৷ ৰাজ্যাৰ অন্য প্ৰান্তৰ লগতে আমগুৰিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্বাৱধানত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মিত হ'ব এই সমূহ বিদ্যালয় ৷

আমগুৰি চাহ বাগিচাত আদৰ্শ হাই স্কুল নিৰ্মাণৰ আধাৰশিলা স্থাপন
আমগুৰি চাহ বাগিচাত আদৰ্শ হাই স্কুল নিৰ্মাণৰ আধাৰশিলা স্থাপন

আমগুৰি, 1 নৱেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত চাহ বাগিছা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে নিৰ্মিত হ'ব লগা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ আজি আধাৰশিলা স্থাপন অনুষ্ঠিত হয় ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আমগুৰি চাহ বাগিছাতো আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ পুৰোহিতৰ দ্বাৰা পূজা অৰ্চনা কৰি আৰম্ভ কৰা আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই চাহ বাগিচা অঞ্চলত বিদ্যলয় স্থাপনৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে এনে পদক্ষেপে বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত অধিক আগবঢ়াই নিব বুলি আশা ব্যক্ত কৰে ।

পুৰোহিতৰ দ্বাৰা পূজা অৰ্চনাৰে আমগুৰিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন
উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্বাৱধানত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা চাহ বাগিচা অঞ্চলৰ শৈক্ষিক উন্নয়ণৰ বাবে ৰাজ্যৰ চাহ বাগিচা অঞ্চল সমূহত ১১৯ খন নতুন বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে । ২০২৯-২০২১ বৰ্ষৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১৪২.৫ কোটি টকাৰ অভিলাষী আঁচনিৰে নিৰ্মাণ হ'বলগীয়া ১১৯ খন বিদ‍্যালয়ৰ প্ৰতিখন বিদ‍্যালয়ৰ নিৰ্মাণত ব‍্যয় হ'ব 1 কোটি 19 লাখ 75 হাজাৰ টকা। এই আদৰ্শ বিদ্যালয় সমূহত বিদ‍্যালয়ৰ মূল প্ৰৱেশ পথৰ লগতে প্ৰধান শিক্ষকৰ জিৰণী কোঠা (সুকীয়া শৌচালয়সহ), শিক্ষকৰ জিৰণী কোঠা (সুকীয়া শৌচালয়সহ), ৬টা শ্ৰেণী কোঠা, বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া শৌচালয়, ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া শৌচালয় আৰু চৌহদৰ পকীবেৰ থাকিব ।

ABOUT THE AUTHOR

...view details