শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰী : শিৱসাগৰৰ কোঁৱৰপুৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰখাতপাৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু নাই (Lilakanta Mahanta passes away) । সোমবাৰে পুৱতি নিশা ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শংকৰী সাহিত্য-সংস্কৃতিৰ সাধক লীলাকান্ত মহন্তই । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ (former Satradhikar of Barkhatpar Satra Lilakanta Mahanta) । উল্লেখ্য, বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত গুৰুতৰভাৱে অসুস্থ হৈ আছিল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পিতৃ শ্ৰীশ্ৰী লীলাকান্ত মহন্ত (retired DGP Bhaskarjyoti Mahanta) ।
কেইসপ্তাহমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত কোঁৱৰপুৰৰ নিজা বাসগৃহলৈ লৈ অনা হৈছিল বৈষ্ণৱ পণ্ডিতগৰাকীক । তাৰ পিছত নিজৰ ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও দেওবাৰে স্বাস্থ্যৰ অধিক অৱনতি হয় (Boisnav scholar Lilakanta Mahanta no more) । পিছত সোমবাৰে পুৱতি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী ডঃ নিৰুপমা মহন্ত, পুত্ৰ ভাস্কৰজ্যোতি মহন্ত, ননীগোপাল মহন্ত, শ্যামকানু মহন্ত. সৌমাৰজ্যোতি মহন্তসহ পাঁচগৰাকী পুত্ৰ আৰু আত্মীয়-স্বজনক এৰি থৈ যায় । উল্লেখ্য যে নিজৰ জীৱনকালত শ্ৰীশ্ৰী লীলাকান্ত মহন্তই দুবাৰকৈ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সভাপতি, দুবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ উপৰি নিৰলসভাৱে শংকৰী সাহিত্য সংস্কৃতিৰ চৰ্চা কৰি গৈছিল ।
তদুপৰি, তেওঁ ১৪ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । 'মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া-কৰ্মৰ বিচাৰ', 'ব্ৰহ্মপুৰাণৰ কাহিনী', 'নামঘোষাৰ মাধুৰ্য', 'ভাগৱত ৰসামৃত' নামৰ গ্ৰন্থ, পাঁচখন নাটক, দুখন শিশুনাট ৰচনা কৰি গৈছে । আনহাতে, ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ ভাগৱত পুৰাণ আদিৰ পৰা সাঁচিপতীয়া পুথিৰ আকৰতো লিখিছিল কেইবাখনো গ্ৰন্থ । এইগৰাকী বৈষ্ণৱ পণ্ডিতৰ মৃত্যুত কোঁৱৰপুৰ অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰতে শোকৰ ছাঁ পৰিছে ।
উল্লেখ্য যে ১৯৭০ চনতেই লীলাকান্ত মহন্তই এটা সাংস্কৃতিক দল লগত লৈ দিল্লীৰ বৃন্দাবনত গৈ ভাওনা প্ৰদৰ্শন কৰিছিল । আনহাতে, ২০১০ চনত বাংগালুৰুৰ ৰবি শংকৰ আশ্ৰমত বক্তৃতা প্ৰদান কৰিছিল লীলাকান্ত মহন্তই । ইয়াৰ উপৰি ২০০৫ চনত মুম্বাইৰ সন্যাস আশ্ৰমত অনুষ্ঠিত ভাৰতৰ আচাৰ্য সন্মিলনত অংশ লৈ হিন্দু ধৰ্মৰ ৰক্ষণাবেক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰিছিল ।