আমগুৰি,২১ মাৰ্চ:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্ধাৰ হৈছে অবৈধ ধন আৰু বিলাতী সুৰা ৷ শনিবাৰে নিশা আমগুৰি সমষ্টিৰ দিখৌমুখত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰত উদ্ধাৰ হয় 3 টাকৈ বিলাতী সুৰাৰ কাৰ্টনসহ 72 টাকৈ সুৰাৰ বটল ৷ শিৱসাগৰ জিলা উপায়ুক্ত তথা নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ নিৰ্দেশত ফ্লায়িং স্কোৱাডৰ এটা দলে অভিযান চলাই শিক্ষক গৰাকীৰ ঘৰৰ পৰা জব্দ কৰে সুৰাৰ বটলসমূহ ৷
দিখৌমুখত জব্দ বিলাতী সুৰা - ফ্লাইয়িং স্কোৱাদ
শনিবাৰে নিশা আমগুৰি সমষ্টিৰ দিখৌমুখত এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত উদ্ধাৰ হয় 3টাকৈ বিলাতী সুৰাৰ কাৰ্টনসহ 72 টাকৈ সুৰাৰ বটল ৷ শিৱসাগৰ জিলা উপায়ুক্ত তথা নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ নিৰ্দেশত ফ্লাইয়িং স্কোৱাদৰ এটা দলে অভিযান চলাই শিক্ষক গৰাকীৰ ঘৰৰ পৰা জব্দ কৰে সুৰাৰ বটল সমূহ ৷
দিখৌমুখত অৱসৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত জব্দ বিলাতী সুৰা
উল্লেখ্য যে, আৰক্ষীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে যদিও একাংশ ৰাজনৈতিক নেতাই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ উদ্দেশ্যৰে সৰবৰাহ কৰি আছে বৃহৎ বৃহৎ পৰিমাণৰ সুৰা ৷ সম্প্ৰতি জব্দ হোৱা সুৰাৰ কাৰ্টনসহ বটলসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷