শিৱসাগৰ, 25 জুলাই :মানুহ জনৰ নাম ললিত নায়ক। ঘৰ-বাৰী নোহোৱা ললিতৰ নাই কোনো সম্বল । আছে মাথো এক প্ৰেমৰ ভাণ্ডাৰ । ললিতৰ সমস্ত সম্পদ নিহিত হৈ আছে এই গৰাকী মহিলাৰ মাজত। মহিলা গৰাকীৰ নাম পাৰ্বতী। মৰাণৰ খুমতাই বাগানৰ নিৱাসী ললিত আজিৰ পৰা কিছু মাহৰ আগত ঘৰৰ পৰা ওলাই আহিল। অবিবাহিত ললিতে পৰিস্থিতিত পৰি ঘৰ এৰি অকলশৰে ওলাই আহিছিল যদিও লগত সংগী হ'ল পাৰ্বতী ।
প্ৰেমে নামানে লক ডাউন,প্ৰেমে নামানে বয়স... - Sivsagar latest news
পাৰ্বতীৰ গিৰিয়েকৰ মৃত্যুৰ পাছত ললিত পাৰ্বতীৰ প্ৰেম। এতিয়া ললিতে নিজা ঘৰ এৰি অহাৰ পাছত ললিতৰ লগত এক অনিশ্চিত ভৱিষ্যতৰ সংগী হল পাৰ্বতী। এতিয়া শিৱসাগৰ নগৰৰ ইউনিয়ন বেংকৰ পদপথত ললিত-পাৰ্বতীৰ প্ৰেমে জীপ লৈছে । বেংকৰ বাৰান্দা ঘৰ হৈ পৰা ললিত-পাৰ্বতীৰ আজি একো নাই যদিও আছে ইজন-সিজনৰ প্ৰতি অফুৰন্ত মৰম।
লগতে পঢ়কঃনিৰ্জীৱ বস্তুত প্ৰাণ ঢলা এগৰাকী যুৱ চিত্ৰশিল্পী
ললিতৰ ভাষাত তাই ললিতৰ পিছে পিছে গুচি আহিল। পাৰ্বতী ললিতৰ চুবুৰীয়া । পাৰ্বতীৰ গিৰিয়েকৰ মৃত্যুৰ পাছত ললিত পাৰ্বতীৰ প্ৰেম।এতিয়া ললিতে নিজা ঘৰ এৰি অহাৰ পাছত ললিতৰ লগত এক অনিশ্চিত ভৱিষ্যতৰ সংগী হল পাৰ্বতী। এতিয়া শিৱসাগৰ নগৰৰ ইউনিয়ন বেংকৰ পদপথত ললিত-পাৰ্বতীৰ প্ৰেমে জীপ লৈছে । বেংকৰ বাৰান্দা ঘৰ হৈ পৰা ললিত-পাৰ্বতীৰ আজি একো নাই যদিও আছে ইজন-সিজনৰ প্ৰতি অফুৰন্ত মৰম। কিছু বাধাগ্ৰস্ত পাৰ্বতীক ললিতে হিয়া উজাৰি মৰম কৰে । মৰমত বুঢ়ী বুলি মতা পাৰ্বতীক টকাৰে কিনিব নোৱাৰা সকলো মৰম দিয়ে । ললিতে আশা পুহি ৰাখিছে । দিনবোৰ ভাল হ'ব,আকৌ হাজিৰা পাব,হাতত পইছা আহিব আৰু এটা ঘৰ ল'ব। ঘৰটোত বুঢ়ীক ৰাখিব। প্ৰেম সাগৰত ডুবি থকা ললিত নায়কৰ চিনেমা যেন সপোন।
লগতে পঢ়কঃগোসাইগাঁৱত আৰক্ষীৰ জালত গৰু সহ তিনি সৰবৰাহকাৰী
ললিতৰ দৰে পাৰ্বতীয়েও ললিতক ভাল পায়। মৰম কৰে । এনে মৰমত স্বাৰ্থ নাই। নাই লাভালাভৰ অংক। যাৰ বাবে ললিতৰ লগত এক অনিশ্চিত ভৱিষ্যত লৈ ওলাই আহিল পাৰ্বতী। দৈনিক আনৰ দয়াত জীয়াই থকা পাৰ্বতীৰো এটা ঘৰৰ সপোন আছে। ললিত আৰু পাৰ্বতীৰ ঘৰৰ সপোন। ললিত-পাৰ্বতীৰ আজিৰ দিনত ঘৰ নাথাকিব পাৰে। নাথাকিব পাৰে সম্পদ-ঐশ্বৰ্য,কিন্তু আছে সৃষ্টিৰে পৰা অমূল্য বুলি মৰ্যাদা পাই অহা প্ৰেম। ইজনে সিজনক পাব দিব পৰা কিছুমান নিঁভাজ মৰম।