অসম

assam

By

Published : Apr 24, 2020, 8:52 PM IST

ETV Bharat / state

লক ডাউন: পদপথৰ জীৱ-জন্তুক খাদ্যৰ যোগান

শিৱসাগৰৰ ডিমৌৰ ৰঞ্জন বিকাশ মুহুং নামৰ যুৱকজনে লক ডাউনৰ আৰম্ভণিৰ পৰাই দৈনিক নিজ হাতেৰে ৰান্ধি চাইকেলত খাদ্য লৈ ডিমৌ নগৰত খাদ্যৰ সন্ধানত ঘূৰি ফুৰা কুকৰবোৰক খাদ্যৰ যোগান ধৰি আছে ৷ ইফালে,ধুবুৰীৰ বগৰীবাৰীৰ মহামায়া মন্দিৰত খাদ্যৰ অভাৱত হাহাকাৰ হোৱা কপিকুলৰ বাবেও নিজ হাতেৰে খাদ্যৰ যোগান ধৰিছে গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে ৷

পদপথৰ জীৱ-জন্তুক খাদ্যৰ যোগান একাংশৰ
পদপথৰ জীৱ-জন্তুক খাদ্যৰ যোগান একাংশৰ

নিউজ ডেস্ক, 24 এপ্ৰিল : লক ডাউনৰ বাবে পদপথত ঘূৰি ফুৰা জীৱ-জন্তুবোৰেও খাদ্য সংকটত ভুগিছে। হোটেল,অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দীৰ্ঘদিনে বন্ধ হৈ পৰাত আৰু বাট-পথত মানুহ নোহোৱা হোৱাত পেলনীয়া খাদ্য বস্তুও পাবলৈ নোহোৱা হৈছে। এই ক্ষেত্ৰত বহু হৃদয়বান লোকে পথৰ জীৱ-জন্তুক খাদ্য খাবলৈ দিছে ৷

পদপথৰ জীৱ-জন্তুক খাদ্যৰ যোগান একাংশৰ
শিৱসাগৰৰ ডিমৌৰ ৰঞ্জন বিকাশ মুহুং নামৰ যুৱকজনেও ভোকাতুৰ কুকুৰৰ বাবে অন্নদাতা হৈ পৰিছে । লক ডাউনৰ আৰম্ভণিৰ পৰাই এইজন পশুপ্ৰেমী যুৱকে দৈনিক চাইকেলত খাদ্য লৈ ডিমৌ নগৰত খাদ্যৰ সন্ধানত ঘূৰি ফুৰা কুকৰবোৰক এমুঠি আহাৰৰ যোগান ধৰি আছে । ডিমৌৰ কোঁৱৰ দিহিঙ্গীয়া গাঁৱৰ এজন যুৱকে দৈনিক নিজেই ঘৰতে ভাত ৰান্ধি পথৰ কাষত ভোজপত্ৰত কুকুৰক অন্নদান কৰে। যুৱকজনৰ এই মহানুভৱতাক কৰ্তব্যৰত আৰক্ষী-নিৰাপত্তাৰক্ষী আৰু ডিমৌবাসীয়ে শলাগ লৈছে ।

ইফালে, ধুবুৰীৰ বগৰীবাৰীৰ মহামায়া মন্দিৰত খাদ্যৰ অভাৱত কপিকুলৰ হাহাকাৰ হোৱাত খবৰ পাই গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে এসপ্তাহৰ বাবে কপিকুলৰ বাবে প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰে ৷ তেওঁ নিজ হাতেৰে কপিকুলক খাদ্য খুৱাই দিয়া কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

লগতে পঢ়ক : দৰঙত লক ডাউনৰ বাবে পথাৰতে নষ্ট ৰঙালাউ

ABOUT THE AUTHOR

...view details