অসম

assam

By

Published : Apr 6, 2022, 8:50 PM IST

Updated : Apr 7, 2022, 2:21 PM IST

ETV Bharat / state

বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

ফাগুনক বিদায় দি ইতিমধ্যে ধৰাত বলিবলৈ ধৰিছে বসন্তৰ বা ৷ বসন্তৰ বা লাগি উনমনা হৈছে ৰাজ্যবাসী ৷ বাদ পৰি ৰোৱা নাই ৰাজ্যৰ থলোৱা শিল্পী সকলো (Prepartation for rangali bihu among Folk instrument makers) ৷ ৬ ফুট দৈৰ্ঘ্যৰ বাঁহী, ১৪ ফুট দৈৰ্ঘ্যৰ পেঁপা, ৭ ফুট দৈৰ্ঘ্যৰ টকা লৈ ৰঙালী বিহুৰ বাবে সাজু হৈছে শিল্পী দ্বিজেন গগৈ আৰু তেওঁৰ সংগীসকলো ।

Folk instrument makers
বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

শিৱসাগৰ, 6 এপ্ৰিল :বসন্ত আহিলে কুলিয়ে বিনালে, গছে বনে সলালে পাত ৷ কিনো অসমীয়াৰ বিহুটি আহিলে গৰু ছালে লগালে মাত...

বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন স্বৰূপ । আৰু ব’হাগ অসমীয়াৰ স্বাভিমান ৷ সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰে ব’হাগ মাথো এটা মাহ নহয়, ই অসমীয়াৰ আয়ুস ৰেখা । সেমেকা শীতৰ স্পৰ্শ পাই লঠঙা হোৱা বিৰিখত বসন্তৰ নকৈ গজা কোঁহবোৰত সেউজীয়া বৰণ চটিয়াই বাসন্তিবুলীয়া সাজেৰে শোভিত হৈছে প্ৰকৃতিও ।

বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

তাৰ মাজতে আকৌ ৰঙালীৰ বাবে ব্যস্ততা বাঢ়িছে কিছু থলুৱা শিল্পীৰো ৷

ঢোলত চেও দিবলৈ এতিয়া গাত তৰনি নাই ঢোলীয়াৰো ৷ দুহাতত জেতুকাৰ ৰং বোলাই ৰাংঢালীয়ে এতিয়া অপেক্ষা কৰিছে ৰংমনলৈ ৷ গছ বিৰিষৰ পৰা চৰাই-চিৰিকটিলৈ, কুলিৰ পৰা কপৌলৈ, ডেকাৰ পৰা বৃদ্ধলৈ সকলো এতিয়া ব্যস্ত ৰঙালীৰ বাবে ৷ সমান্তৰালকৈ শিৱসাগৰৰ নিমাইজানৰ থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ ব্যস্ত হৈ পৰিছে বিহুক ৰঙীন কৰিবৰ বাবে থলোৱা বাদ্যযন্ত্ৰ নিৰ্মাণত (Preparation for Rangali Bihu among Folk instrument makers) ।

লগতে পঢ়ক :Bihu preparation in Assam : প্ৰিয়জনক বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত শিপিনী

৬ ফুট দৈৰ্ঘ্যৰ বাঁহী, ১৪ ফুট দৈৰ্ঘ্যৰ পেঁপা, ৭ ফুট দৈৰ্ঘ্যৰ টকা লৈ ৰঙালী বিহুৰ বাবে সাজু হৈছে শিল্পী দ্বিজেন গগৈ আৰু তেওঁৰ সংগীসকলো । দ্বিজেন গগৈয়ে বিগত কেইবাটাও দশক ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বাদ্য যন্ত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে । তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ ONGC ত কৰ্মৰত গগৈয়ে বিভিন্ন জনগোষ্ঠীয় লোকবাদ্য সমূহ নিজেই নিৰ্মাণ কৰাৰ লগতে সেইবোৰ অতি নিখুঁত ৰূপত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে ।

বিহুৰ প্ৰস্তুতিত ব্যস্ত থলোৱা বাদ্যযন্ত্ৰৰ শিল্পী দ্বিজেন গগৈ

বৰ্তমান পৰ্যন্ত এইগৰাকী লোক শিল্পীয়ে এশৰো অধিক লোকবাদ্য নিৰ্মাণ কৰি উলিয়াইছে নিজৰ ঘৰতে গঢ়ি লোৱা কাৰখানাত । এইবাৰ মঞ্চ বিহুত এইসমূহ থলোৱা বাদ্য পৰিৱেশন কৰিব এইগৰাকী শিল্পী আৰু তেওঁৰ সহযোগীসকলে ৷ অতি সুন্দৰভাৱে আৰু নিখুঁতকৈ নিৰ্মাণ কৰি উলিওৱা এইসমূহ থলোৱা বাদ্যৰ গৰ্জনিত কম্পিত হ’ব এইবাৰৰ বিহু মঞ্চসমূহ ৷

লগতে পঢ়ক :ৰঙালীৰ বাবে ধেমাজিত দিনে-নিশাই ব্যস্ত ঢোল ব্যৱসায়ীসকল

কেৱল থলোৱা বাদ্যযন্ত্ৰ বজোৱাই নহয়, লোকবাদ্যৰ শিল্পী গৰাকীয়ে নিজেই প্ৰস্তুত কৰি প্ৰধানকৈ স্থানীয় বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰে ৷ লগতে চাহিদা অনুসৰি তেওঁ দেশৰ বিভিন্ন প্ৰান্তলৈয়ো এই সমূহ বাদ্য যোগান ধৰে । জানিব পৰা মতে, তেওঁ নিৰ্মাণ কৰা ভালে সংখ্যক বাদ্যযন্ত্ৰ ইতিমধ্যে বিদেশলৈয়ো ৰপ্তানি কৰা হৈছে ।

উল্লেখ্য যে, হেঁপাহৰ ব'হাগ বিহুলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ নিমাইজানস্থিত গগৈৰ "গগৈ বাদ্য ভাণ্ডাৰ"লৈ ঢোল, পেঁপা, গগণা বিচাৰি ঢপলিয়াই আহিছে জিলাখনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহুৱাসকল । থলোৱা বাদ্যযন্ত্ৰ সন্দৰ্ভত অপৰিসীম জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ দ্বিজেন গগৈয়ে বিগত সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে আন ভালেমান বিহু আৰু বাদ্যযন্ত্ৰ সম্পৰ্কীয় কৰ্মশালাত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰাৰ সুযোগো লাভ কৰিছে ।

আনকি তিনি কুৰিৰো অধিক বাদ্যযন্ত্ৰ সাৱলীল ভাৱে বজাব পৰা গগৈৰ নেতৃত্বত গঢ় লোৱা সুৰ সময়লয় গোষ্ঠীয়ে বিগত সময়ত কলকাতা, নতুন দিল্লী আদিকে ধৰি ভিন্ন স্থানত থলুৱা বাদ্য যন্ত্ৰৰ অনুষ্ঠানত নিজৰ কলা পৰিৱেশন কৰি সকলোৰে আদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :দুহাতত জেতুকা বোলাই কলিয়াবৰত সাজু হৈছে ৰংমন-ৰাংঢালী

Last Updated : Apr 7, 2022, 2:21 PM IST

ABOUT THE AUTHOR

...view details