অসম

assam

By

Published : Aug 10, 2020, 1:33 PM IST

ETV Bharat / state

বান আৰু গৰাখহনীয়াই সৰ্বাশ্বান্ত কৰিছে ৰূপহীমুখবাসীক

বান আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত তচনচ হ’ল শিৱসাগৰৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখৰ বহু পৰিয়াল ৷ ব্ৰহ্মপুত্ৰৰ পাৰত সমবেত হৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে সৰ্বস্বান্ত ৰাইজে ৷

Flood and landslide at Amguri Rupahimukh
বান আৰু গৰাখহনীয়াই সৰ্বাশ্বান্ত কৰিছে ৰূপহীমুখবাসীক

আমগুৰি, 10 আগষ্ট: ৰাজ্যৰ শেহতীয়া বান আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নিচিহ্ন কৰিলে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে সা-সম্পত্তি ৷ ৰূপহীমুখৰ আলিমূৰ,কুমাৰ গাঁও,পুৰণিগুডামকে ধৰি বহুকেইটা এলেকা তচনচ কৰি থৈ গ’ল প্ৰলয়ংকৰী বানে ৷

বান আৰু গৰাখহনীয়াই সৰ্বাশ্বান্ত কৰিছে ৰূপহীমুখবাসীক

ঘৰ-বাৰী হেৰুৱাই এতিয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে ভুক্তভোগীসকলে ৷ আনহাতে,এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত সমবেত হৈ আঠু কাঢ়ি লৈ ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছে স্থানীয় দুৰ্ভগীয়া মহিলাসকলে ৷

অভিযোগ অনুসৰি,আমগুৰি সমষ্টিৰ অন্তৰ্গত ৰূপহীমুখ অঞ্চলটো প্ৰত্যেক ৰাজনৈতিক দলৰ বাবে ভোট বেংক সদৃশ । ভোটৰ ৰাজনীতি কৰা ৰাজনৈতিক দলে আজি পৰ্যন্ত অঞ্চলটোৰ বান আৰু গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে । যাৰ ফলত অঞ্চলটোৰ ৰাইজে প্ৰতিবছৰে বান আৰু গৰাখহনীয়াত অতিষ্ঠ হোৱাৰ লগতে ঘৰ-মাটি হেৰুৱাবলগীয়া হয় ৷

লগতে পঢ়ক:বিচ্ছিন্ন পথে জীয়াতু ভোগাইছে কাছাৰৰ তাপাং জিপিৰ চামৰকোনাবাসীক

ABOUT THE AUTHOR

...view details